জাপান অ’পেন ২০২৫ : দ্বিতীয় ৰাউণ্ডত সাতৱিক-চিৰাগ আৰু লক্ষ্য সেন, পিভি সিন্ধু বাহিৰ
টকিঅ’, ১৬ জুলাই (হি.স.)। জাপান অ’পেন ২০২৫ত ভাৰতৰ হৈ মিশ্ৰিত ফলাফল দেখা গৈছে। বুধবাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে পুনৰবাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ বিপৰীতে লক্ষ্য সেন আৰু পুৰুষৰ ডাবলছ যুটি সতৱিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে শক
জাপান অ’পেন ২০২৫ : দ্বিতীয় ৰাউণ্ডত সাতৱিক-চিৰাগ


টকিঅ’, ১৬ জুলাই (হি.স.)। জাপান অ’পেন ২০২৫ত ভাৰতৰ হৈ মিশ্ৰিত ফলাফল দেখা গৈছে। বুধবাৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে পুনৰবাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ বিপৰীতে লক্ষ্য সেন আৰু পুৰুষৰ ডাবলছ যুটি সতৱিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে শক্তিশালী প্ৰদৰ্শনেৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।

৩০ বছৰীয়া সিন্ধুৱে কোৰিয়াৰ ছিম ইউ জিনৰ হাতত ১৫-২১, ১৪-২১ ব্যৱধানত পৰাস্ত হয়। ২০২৫ চনত সিন্ধুৰ প্ৰথম ৰাউণ্ডৰ পঞ্চমটো পৰাজয় । আৰম্ভণিৰে পৰা সিন্ধুৱে ছন্দত দেখা নাছিল, ভুলৰ বাবে পইণ্ট হেৰুৱাই থাকিল আৰু লগতে দৈৰ্ঘ্যৰ সঠিক বিচাৰ কৰিবলৈও সংগ্ৰাম কৰিছিল। প্ৰথমখন খেলত তেওঁ অলপ সংগ্ৰাম কৰিছিল যদিও ছিমে কামবেক কৰি খেলখন জয়ী হৈছিল। দ্বিতীয়খন খেলত সিন্ধু ১-৬ গ’লত পিছ পৰি থাকে। তেওঁলোকে ১১-১১ গ’লত সমতা স্থাপন কৰিছিল যদিও তাৰ পিছত কোৰিয়ান খেলুৱৈগৰাকীয়ে দ্ৰুতগতিত পইণ্ট লাভ কৰি একেৰাহে খেলত জয়লাভ কৰে।

পুৰুষৰ ডাবলছত বিশ্ব ৰেংকিঙৰ ১৫ নম্বৰ স্থানত থকা সাতৱিক আৰু চিৰাগৰ যুটিয়ে কোৰিয়াৰ কাং মিন হ্যুক আৰু কিম ডং জুক ২১-১৮, ২১-১০ ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ ৪২ মিনিটৰ খেলখন চলিছিল। প্ৰথমখন খেলৰ আৰম্ভণিতে মেচখন সমান আছিল যদিও ভাৰতীয় যুটিটোৱে এবাৰ ছন্দ ধৰিলে দ্বিতীয়খন খেল সম্পূৰ্ণৰূপে নিজৰ দখললৈ লৈ যায়। পুৰুষৰ একক শাখাত এই ছিজনত প্ৰথম ৰাউণ্ডৰ বহু পৰাজয়ৰ সৈতে যুঁজি থকা লক্ষ্য সেনে চীনৰ ৱাং ঝেং শ্বিংক ২১-১১, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়। ইফালে প্ৰথমখন খেলত ১১-২ গ’লত অগ্ৰগতি লাভ কৰি বিশ্বৰ ১৮ নম্বৰ স্থান দখল কৰা লক্ষ্যই সহজেই জয়লাভ কৰে। দ্বিতীয়খন খেলত চীনা খেলুৱৈগৰাকীয়ে অলপ প্রতিযোগিতা দিলেও লক্ষ্যৰ আগতীয়া অগ্ৰগতি নিৰ্ণায়ক বুলি প্ৰমাণিত হয়।

এতিয়া প্ৰি কোৱাৰ্টাৰ ফাইনেল (১৬ ৰাউণ্ড)ত লক্ষ্য সেনে সপ্তম বাচনিৰ আৰু আয়োজক জাপানৰ কোদাই নাৰাওকাৰ বিৰুদ্ধে খেলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande