- প্ৰথম অনুশীলন মেচত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰত
নতুন দিল্লী, ১৫ জুলাই (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ৱাৰ্ম আপ মেচৰ সূচী প্ৰকাশ কৰিছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আঠটা দলে অহা ২৫ৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত বেংগালুৰু আৰু কলম্বোৰ চাৰিখন খেলপথাৰত অনুশীলন মেচ খেলিব। ভাৰতীয় মহিলা ক্ৰিকেট দলে ২৫ ছেপ্টেম্বৰত প্ৰথমখন ৱাৰ্ম আপ মেচত ২০১৭ চনৰ ৰানাৰ্ছ আপ ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।
প্ৰতিযোগিতাখনৰ পূৰ্বে দিবা-নৈশ মুঠ ৯খন খেল অনুষ্ঠিত হ’ব, যাৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম আৰু বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স ১ গ্ৰাউণ্ড (বেংগালুৰু) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম আৰু কলম্বো ক্ৰিকেট ক্লাব (কলম্বো)।
৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ আৰু ২০২৫ চনৰ ২ নৱেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা। ১২ বছৰৰ পাছত পুনৰ উপমহাদেশলৈ ঘূৰি আহিছে এই বিশ্বকাপ। মূল প্ৰতিযোগিতাখনৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু, এচিএ ষ্টেডিয়াম, গুৱাহাটী, হোলকাৰ ষ্টেডিয়াম, ইন্দোৰ, এচিএ-ভিডিচিএ ষ্টেডিয়াম, বিশাখাপট্টনম আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম, কলম্বো।
ৱাৰ্ম আপ মেচৰ সময়সূচী (সকলো মেচ আৰম্ভ হ’ব বিয়লি ৩ বজাৰ পৰা):
২৫ ছেপ্টেম্বৰ
বেংগালুৰু
ভাৰত বনাম ইংলেণ্ড – বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স ১ গ্ৰাউণ্ড
দক্ষিণ আফ্ৰিকা বনাম নিউজিলেণ্ড – এম চিন্নাস্বামী ষ্টেডিয়াম
কলম্বো
শ্ৰীলংকা বনাম পাকিস্তান – কলম্বো ক্ৰিকেট ক্লাব
বাংলাদেশ বনাম শ্ৰীলংকা – আৰ প্ৰেমদাছা ষ্টেডিয়াম
২৭ ছেপ্টেম্বৰ
বেংগালুৰু
অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড – বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স ১ গ্ৰাউণ্ড
ভাৰত বনাম নিউজিলেণ্ড – এম চিন্নাস্বামী ষ্টেডিয়াম
কলম্বো
শ্ৰীলংকা বনাম বাংলাদেশ – কলম্বো ক্ৰিকেট ক্লাব
২৮ ছেপ্টেম্বৰ
বেংগালুৰু
দক্ষিণ আফ্ৰিকা বনাম ভাৰত – বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স ১ গ্ৰাউণ্ড
কলম্বো
পাকিস্তান বনাম শ্ৰীলংকা – কলম্বো ক্ৰিকেট ক্লাব
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া