নতুন দিল্লী, ১৫ জুলাই (হি.স.)। ক্ৰ’ৱেচিয়াৰ অধিনায়ক তথা প্ৰবীণ মিডফিল্ডাৰ লুকা মড্ৰিচে ইটালীৰ বিখ্যাত ক্লাব এ চি মিলানৰ সৈতে এবছৰৰ চুক্তিত স্বাক্ষৰ কৰি ৰিয়েল মাদ্রিদৰ সৈতে ১৩ বছৰীয়া যাত্ৰাৰ অন্ত পেলাইছে। চুক্তিখনত ২০২৭ চনৰ জুন মাহলৈকে বৃদ্ধি কৰাৰ বিকল্পও সন্নিবিষ্ট কৰা হৈছে।সোমবাৰে ছিৰি এ ক্লাব এচি মিলানে আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰে।
৩৯ বছৰীয়া মড্ৰিচৰ মিলানলৈ প্ৰৱেশ নিশ্চিত কৰিছিল ক্লাবটোৰ নতুন প্ৰশিক্ষক মাছিমিলিয়ানো আলেগ্ৰিয়ে চলিত মাহৰ আৰম্ভণিতে। মিলানৰ হৈ ১৪ নম্বৰৰ জাৰ্চি পৰিধান কৰিব মড্ৰিচে।
মড্ৰিকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ হিচাপে গণ্য কৰা হয়। ক্লাব বিশ্বকাপৰ পাছত ৰিয়েল মাদ্রিদৰ পৰা বিদায় ল’ব বুলি মে’ মাহত ঘোষণা কৰিছিল৷ স্পেনিছ ক্লাবটোৰ হৈ ৫৯৭খন মেচ খেলি ২৮খন ট্ৰফী লাভ কৰে, য’ত চাৰিখন লা লিগা আৰু ৬খন চেম্পিয়নছ লীগ খিতাপ লাভ কৰে।
বুধবাৰে ৰিয়েল মাদ্রিদৰ হৈ অন্তিমখন মেচ খেলি ক্লাব বিশ্বকাপৰ ছেমি ফাইনেলত পেৰিছ ছেইণ্ট জার্মেইনৰ বিৰুদ্ধে দ্বিতীয়ার্ধত বিকল্প হিচাপে খেলিছিল৷ এই মেচখনত ৰিয়েলে ০-৪ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
মেচৰ পিছত ৰিয়েল মাদ্রিদৰ মেনেজাৰ তথা প্রাক্তন খেলুৱৈ জাবি এল’নছ’ই কয় যে, এয়া এটা তিক্ত অন্ত... তেওঁ বিশ্ব ফুটবল আৰু ৰিয়েল মাদ্রিদৰ বাবে এজন কিংবদন্তি। আজিৰ ২৫ মিনিটৰ খেলৰ বাবে নহয়, তেওঁৰ মহান অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব।
ক্ৰ’ৱেচিয়াৰ এতিয়ালৈকে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত মড্ৰিচে নিজৰ দেশৰ হৈ ১৮৮খন মেচত ২৮টা গ’ল দিছে। ২০১৮ চনৰ ফিফা বিশ্বকাপত প্ৰথমবাৰৰ বাবে ক্ৰ’ৱেচিয়াক ফাইনেলত প্ৰৱেশ কৰি গোল্ডেন বল লাভ কৰে। একে বছৰতে তেওঁ বেলন ডি অৰ বঁটাও লাভ কৰি ২০০৭ চনৰ পিছত লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ৰাজত্ব ভংগ কৰা প্রথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়৷
মড্ৰিকৰ প্ৰৱেশে এচি মিলানৰ মিডফিল্ডক আৰু অধিক শক্তিশালী কৰি তুলিছে, য’ত ইতিমধ্যে ইউছেফ ফ’ফানা, ইউনুছ মুছাহ আৰু ৰুবেন লফটাছ-চিকৰ দৰে খেলুৱৈ আছে। চলিত মাহৰ আৰম্ভণিতে টৰিনোৰ পৰা মিলানত যোগদান কৰিছিল চেমুৱেল ৰিচিয়েও।
উল্লেখযোগ্য যে যোৱা ছিজনত ইটালীৰ শীৰ্ষ পৰ্যায়ৰ লীগত অষ্টম স্থান দখল কৰা এচি মিলানে ইউৰোপৰ কোনো প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল। ২৩ আগষ্টৰ পৰা নতুনকৈ অহা ক্ৰেম’নিজৰ বিৰুদ্ধে ক্লাবটোৱে ছিৰি এ অভিযান আৰম্ভ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া