ডলাৰৰ বিপৰীতে ১৮ পইচা বৃদ্ধিৰে বন্ধ হয় টকা
নতুন দিল্লী, ১৫ জুলাই (হি.স.)। ডলাৰ সূচকাংক শক্তিশালী হোৱাৰ পাছতো শ্বেয়াৰ বজাৰত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ক্ৰয় কৰাৰ বাবে আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হয়। মুদ্ৰা বজাৰত ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৮ পইচ
টকা


নতুন দিল্লী, ১৫ জুলাই (হি.স.)। ডলাৰ সূচকাংক শক্তিশালী হোৱাৰ পাছতো শ্বেয়াৰ বজাৰত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ক্ৰয় কৰাৰ বাবে আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হয়। মুদ্ৰা বজাৰত ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৮ পইচা জপিয়াই ৮৫.৮১ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা ব্যৱসায়িক দিন অৰ্থাৎ সোমবাৰে ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত ৮৫.৯৯ টকাত বন্ধ হয়। টকাৰ আজিৰ ব্যৱসায়ো শক্তিৰে আৰম্ভ হ’ল।

আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ডলাৰৰ বিপৰীতে ৩ পইচা বৃদ্ধিৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৫.৯৬ টকাত ব্যৱসায় আৰম্ভ হয়। দিনটোৰ ব্যৱসায়ৰ সময়ত ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে কিছু সময়ৰ বাবে টকা ৮৫.৯৭ টকাৰ স্তৰলৈ নামি আহিছিল যদিও ইয়াৰ পিছত ডলাৰৰ প্ৰবাহ বৃদ্ধিৰ বাবে টকাৰ মূল্য ২৪ পইচা উন্নত হৈ ৮৫.৭৫ টকাৰ স্তৰত উপনীত হয়। কিন্তু পিছত পুনৰবাৰ ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে টকাৰ মূল্য উচ্চ স্তৰৰ পৰা ৬ পইচা পিছলি ৮৫.৮১ত বন্ধ হয়।

ভাৰতীয় মুদ্ৰাৰ টকাই আজি ডলাৰৰ বিপৰীতে অধিকাংশ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে শক্তি প্ৰদৰ্শন কৰে। আজিৰ ব্যৱসায়ৰ পাছত ৪৮ পইচা বৃদ্ধি পাই ব্ৰিটিছ পাউণ্ড (জিবিপি)ৰ বিপৰীতে ১১৫.৪৬ৰ স্তৰত উপনীত হয়। একেদৰে আজি ইউৰোৰ বিপৰীতে ২২ পইচা বৃদ্ধিৰে ১০০.২৮ৰ স্তৰত উপনীত হ’বলৈ সক্ষম হয় টকা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande