বিশ্বৰ উত্তেজনা আৰু অনিশ্চয়তাৰ মাজতো ভাৰতীয় অৰ্থনীতি ৬.৫ শতাংশ বৃদ্ধি পাব: ইএচি-পিএমৰ অধ্যক্ষ
নতুন দিল্লী, ১৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ এছ মহেন্দ্ৰ দেৱে মঙলবাৰে কয় যে বাণিজ্য নীতিৰ সৈতে জড়িত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অনিশ্চয়তাৰ মাজতো চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতৰ অৰ্থনীতি ৬.৫ শতাংশ বৃদ্ধি পাব। প
জিডিপি


নতুন দিল্লী, ১৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ এছ মহেন্দ্ৰ দেৱে মঙলবাৰে কয় যে বাণিজ্য নীতিৰ সৈতে জড়িত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অনিশ্চয়তাৰ মাজতো চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতৰ অৰ্থনীতি ৬.৫ শতাংশ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষই এক সাক্ষাৎকাৰৰ সময়ত কয় যে ঘৰুৱা বৃদ্ধিৰ মূলতে হ’ব কম মুদ্ৰাস্ফীতি, যিটোৰ কাৰণ হ’ব ভাল বাৰিষা আৰু বিনাইন সুতৰ হাৰ শাসন, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই)য়ে একেৰাহে তিনিবাৰকৈ সুতৰ হাৰ কৰ্তনৰ দ্বাৰা পৰিচালিত হৈছে। তেওঁ কয় যে বিশ্বৰ অনিশ্চয়তাৰ মাজতো ২০২৬ বিত্তীয় বৰ্ষত ৬.৫ শতাংশ জিডিপি বৃদ্ধিৰ হাৰ সম্ভৱ।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ) আৰু বিশ্ব বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বৃদ্ধিৰ হাৰ ক্ৰমে ৬.২ শতাংশ আৰু ৬.৩ শতাংশলৈ হ্ৰাস কৰিছে।

একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকেও বিগত বিত্তীয় বৰ্ষ ২০২৪-২৫ত জিডিপি ৬.৫ শতাংশ বৃদ্ধিৰ অনুসাৰে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ অনুমান কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande