নতুন দিল্লী, ১৫ জুলাই (হি.স.)। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মঙলবাৰে কয় যে ভাৰতৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰবিন্দু শিক্ষা হৈ থাকিব লাগে। ইয়াত সামাজিক উন্নয়ন পৰিষদে ‘ভাৰতত বিদ্যালয় শিক্ষা: সকলোৰে বাবে গুণগত শিক্ষাৰ সমান সুবিধা’ বিষয়ক আলোচনা চক্ৰত এই মন্তব্য কৰে।
পুৰীয়ে জোৰ দি কয় যে শিক্ষা হৈছে জাতিৰ প্ৰগতিৰ মৌলিক ভেটি। আজিৰ ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ পৰা ২০৪৭ চনৰ ভিতৰত ৩৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ভাৰতৰ যাত্ৰা নিৰ্ভৰ কৰে সাৰ্বজনীন, উচ্চমানৰ আৰু সৰ্বাংগীন শিক্ষাৰ জৰিয়তে দায়িত্বশীল আৰু উৎপাদনশীল নাগৰিকৰ এটা প্ৰজন্মক লালন-পালন কৰাৰ ওপৰত। শিক্ষাৰ অধিকাৰৰ সাংবিধানিক নিশ্চয়তা পোৱাৰ পিছৰে পৰা সাক্ষৰতা, নামভৰ্তি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি হৈছে।
কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে বাজপেয়ী চৰকাৰৰ দিনত ২০০২ চনত ৮৬ সংখ্যক সাংবিধানিক সংশোধনী আইনৰ জৰিয়তে শিক্ষাৰ অধিকাৰৰ সাংবিধানিক ভেটি স্থাপন কৰা হৈছিল, য’ত ২১-ক অনুচ্ছেদৰ অধীনত ৬-১৪ বছৰ বয়সৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল। এই নিৰ্ণায়ক পদক্ষেপে প্ৰাথমিক শিক্ষাক নিৰ্দেশনামূলক নীতিৰ পৰা বলবৎযোগ্য অধিকাৰলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত ২০০৯ চনত আৰ টি ই আইন গৃহীত হয়।
পুৰীয়ে কয় যে ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই ঐতিহাসিক সংস্কাৰ আৰু অধিক শক্তিশালী হৈ উঠিছিল, যেতিয়া ইয়াক অগ্ৰাধিকাৰ ভিত্তিত কেইবাটাও ফ্লেগশ্বিপ কাৰ্যসূচীৰ জৰিয়তে ৰূপায়ণ কৰা হৈছিল। তেওঁ জনোৱা মতে, যুৱ সাক্ষৰতাৰ হাৰ প্ৰায় ৯৭% হৈছেগৈ, লিংগ সাক্ষৰতাৰ ব্যৱধান যথেষ্ট হ্ৰাস পাইছে, যিটো ‘বেটি বচাও বেটি পঢ়াও’ আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ দৰে প্ৰচেষ্টাই শক্তিশালী কৰিছে। একে সময়তে প্ৰাথমিক পৰ্যায়ত নামভৰ্তিৰ হাৰ ৮৪ শতাংশৰ পৰা ৯৬ শতাংশলৈ আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত নামভৰ্তিৰ হাৰ ৬২ শতাংশৰ পৰা ৯০ শতাংশলৈ বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া