ষ্টেট বেংকৰ বণ্ডৰ জৰিয়তে ২০ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব, ব’ৰ্ডৰ অনুমোদন
মুম্বাই, ১৬ জুলাই (হি.স.)। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ ঋণদাতা ষ্টেট বেংক অৱ ইণ্ডিয়াই চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ঘৰুৱা বিনিয়োগকাৰীক বণ্ড জাৰি কৰি ২০ হাজাৰ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিব। বণ্ড জাৰি কৰাৰ পৰিকল্পনাত অনুমোদন জনাইছে এছ বি আই ব’ৰ্ডে। ব
ষ্টেটবেংক


মুম্বাই, ১৬ জুলাই (হি.স.)। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ ঋণদাতা ষ্টেট বেংক অৱ ইণ্ডিয়াই চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ঘৰুৱা বিনিয়োগকাৰীক বণ্ড জাৰি কৰি ২০ হাজাৰ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিব। বণ্ড জাৰি কৰাৰ পৰিকল্পনাত অনুমোদন জনাইছে এছ বি আই ব’ৰ্ডে।

বুধবাৰে ষ্টেট বেংকে ষ্টক মাৰ্কেটত অৱগত কৰে যে তেওঁলোকৰ পৰিচালনা সমিতিয়ে বেচেল তৃতীয় অনুসৰি অতিৰিক্ত টিয়াৰ-১ আৰু টিয়াৰ-২ বণ্ড জাৰি কৰি ২০ হাজাৰ কোটি টকা সংগ্ৰহৰ পৰিকল্পনাত অনুমোদন জনাইছে। এছ বি আইয়ে এক্সচেঞ্জসমূহক জনোৱা মতে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ ভিতৰত বেংকে ঘৰুৱা বিনিয়োগকাৰীক বণ্ড জাৰি কৰিব। ইয়াৰ বাবে য’তেই প্ৰয়োজন হয় তাতেই ভাৰত চৰকাৰৰ পৰা অনুমোদন ল’ব লাগিব।

উল্লেখযোগ্য যে ধন সংগ্ৰহৰ ঘোষণাৰ পিছত ঋণদাতাৰ শ্বেয়াৰ প্ৰায় ২ শতাংশ বৃদ্ধি পাই বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত ৮৩২ টকাত বন্ধ হয়। এছ বি আইৰ শ্বেয়াৰ পিছ পৰি আছে, যোৱা ১২ মাহত প্ৰায় ৬ শতাংশ হ্ৰাস পাইছে। অৱশ্যে ২০২৫ চনত এতিয়ালৈকে ৫ শতাংশ ইতিবাচক ৰিটাৰ্ণ দিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande