ৰাজকুমাৰ ৰাওৰ ছবি ‘মালিক’ মুক্তিৰ পিছতে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰে। কিন্তু ছবিখনে বক্স অফিচত আশা কৰা ধৰণে কাম কৰিব নোৱাৰিলে। ১১ জুলাইত চিনেমাগৃহত মুক্তি পোৱা ছবিখনে প্ৰথম তিনিদিনত গড় উপাৰ্জন লাভ কৰিছিল যদিও এতিয়া সপ্তাহৰ দিন আৰম্ভ হোৱাৰ লগে লগে ‘মালিক’ৰ সংকলনত তীব্ৰ হ্ৰাস দেখা গৈছে।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ তথ্য অনুসৰি ‘মালিক’ মুক্তিৰ চতুৰ্থ দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ১.৬৫ কোটি টকা উপাৰ্জন কৰে। এই পৰিসংখ্যাৰ লগে লগে ছবিখনৰ বক্স অফিচৰ মুঠ সংগ্ৰহ এতিয়া ১৫.৯০ কোটি টকা হৈছেগৈ। ছবিখনে প্ৰথম দিনাই গড়ে ৩.৭৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় দিনা ৫.২৫ কোটি টকা উপাৰ্জন কৰিছিল। অৱশ্যে উইকেণ্ডৰ পিছত সোমবাৰে ছবিখনৰ গতি কিছু লেহেমীয়া হৈছে। এতিয়া অনাগত দিনত ‘মালিকে’ বক্স অফিচত নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম হ’ব নে নহয় সেয়া লক্ষ্যণীয় হৈ পৰিব ।
‘মালিক’ ছবিখনৰ পৰিচালনা কৰিছে পুলকিতে, আনহাতে টিপছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে কুমাৰ তৌৰাণীয়ে। এই ছবিখনত ৰাজকুমাৰ ৰাওক প্ৰথমবাৰৰ বাবে মনুষী চিল্লাৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা গৈছে। দুয়োৰে নতুন যুটিটো দৰ্শকে ভাল পাইছে আৰু ছ’চিয়েল মিডিয়াতো তেওঁলোকৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীৰ প্ৰশংসা লাভ কৰিছে। প্ৰসেনজিৎ চেটাৰ্জী, হুম কুৰেশী আৰু সৌৰভ শুক্লাৰ দৰে অভিজ্ঞ অভিনেতাকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে, যাৰ ফলত কাহিনীটো আৰু অধিক শক্তিশালী হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া