চীনৰ সামৰিক বিমানৰ টাইৱানৰ আকাশমাৰ্গত প্ৰৱেশ
টাইপেই (টাইৱান), ১৫ জুলাই (হি.স.)। চীনে নিজৰ সম্প্ৰসাৰণবাদী নীতি এৰি দিয়া নাই। আজি পুৱা চীনৰ সামৰিক বিমানে টাইৱানত অনুপ্ৰৱেশ কৰে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স পোষ্টত কয় যে মঙলবাৰে পুৱা ৬ বজালৈকে (স্থানীয় সময় অনুসৰি) টাইৱানৰ চাৰি
টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক্স-পোষ্টত জোৱানসকলৰ লাইভ ফায়াৰ এক্সাৰচাইচৰ বিষয়ে তথ্য দিয়া হৈছে।


টাইপেই (টাইৱান), ১৫ জুলাই (হি.স.)। চীনে নিজৰ সম্প্ৰসাৰণবাদী নীতি এৰি দিয়া নাই। আজি পুৱা চীনৰ সামৰিক বিমানে টাইৱানত অনুপ্ৰৱেশ কৰে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স পোষ্টত কয় যে মঙলবাৰে পুৱা ৬ বজালৈকে (স্থানীয় সময় অনুসৰি) টাইৱানৰ চাৰিওফালে ২৬খন চীনৰ সামৰিক বিমান, ৭খন নৌসেনাৰ জাহাজ আৰু এখন চৰকাৰী জাহাজ সক্ৰিয় দেখা গৈছে।

টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চীনৰ ২৬খন সামৰিক বিমানৰ ভিতৰত ২১খনে মধ্য ৰেখা অতিক্ৰম কৰি টাইৱানৰ উত্তৰ, দক্ষিণ-পশ্চিম আৰু পূব বায়ু প্ৰতিৰক্ষা অঞ্চলত প্ৰৱেশ কৰে। টাইৱানৰ সশস্ত্ৰ বাহিনীয়ে উপযুক্ত উত্তৰ দিবলৈ নিজৰ বিমান, নৌসেনাৰ জাহাজ আৰু উপকূলীয় ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিয়োগ কৰিছিল।

আন এটা এক্স পোষ্টত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে সশস্ত্ৰ বাহিনীয়ে নিশাৰ ৰাণৱে মেৰামতিৰ অনুশীলন চলাইছিল। লগতে দূৰৱৰ্তী দ্বীপসমূহৰ সৈন্যসকলে জৰুৰীকালীন সঁহাৰিৰ ক্ষমতা বৃদ্ধিৰ বাবে পুৱতি নিশাই লাইভ ফায়াৰ অনুশীলন চলাইছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১২ জুলাইত চীনেও টাইৱানত অনুপ্ৰৱেশ কৰিছিল। তেতিয়া টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে ৰাতিপুৱা টাইৱানৰ চাৰিওফালে ১৪খন চীনৰ সামৰিক বিমান, ৯খন নৌসেনাৰ জাহাজ আৰু এখন চৰকাৰী জাহাজ দেখা গৈছিল। এই তথ্য এক্স পোষ্টত শ্বেয়াৰ কৰি মন্ত্ৰালয়ে কৈছিল যে টাইৱানৰ সশস্ত্ৰ বাহিনীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শেহতীয়াকৈ টাইপেই টাইমছ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি চীনে নিজৰ জাহাজৰ জৰিয়তে টাইৱান অঞ্চলৰ গুৱামৰ চাৰিওফালে সাগৰৰ তলৰ মেপিং কৰি আছে। ইয়াৰ ফলত ই সাগৰৰ তলত কেবল স্থাপন কৰাত সহায় কৰিব পাৰে আৰু ইয়াক সামৰিক কামতো ব্যৱহাৰ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande