কাঠমাণ্ডু, ১৫ জুলাই (হি.স.)। কাঠমাণ্ডুত থকা চীনৰ দূতাবাসে কৈলাশ মানসাৰোৱৰ যাত্ৰাৰ বাবে ভিছা প্ৰক্ৰিয়াত পলম হোৱাৰ বাবে ৫০০০ৰো অধিক ভাৰতীয় তীৰ্থযাত্ৰী কাঠমাণ্ডুত আবদ্ধ হৈ আছে।
নেপালত কৈলাশ মানসৰোৱৰ যাত্ৰাৰ ব্যৱস্থা কৰা পৰ্যটক আৰু ট্ৰেকিং কোম্পানীয়ে ভাৰতীয় তীৰ্থযাত্ৰীসকলক ভিছা প্ৰক্ৰিয়াত বিলম্ব নকৰাকৈ তেওঁলোকৰ কৈলাশ মনসাৰোৱ যাত্ৰা মসৃণ কৰি তোলাত সহায় কৰিবলৈ চীনৰ দূতাবাসক অনুৰোধ জনাইছে। ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে কৈলাশ মনসাৰোৱৰ যাত্ৰাৰ ব্যৱস্থা কৰা ট্যুৰ অপাৰেটৰৰ সংস্থা এছ’চিয়েশ্যন অৱ কৈলাশ ট্যুৰ অপাৰেটৰ নেপালৰ সাধাৰণ সম্পাদক প্ৰদীপ পণ্ডিতে কয় যে চীনৰ দূতাবাসৰ ভিছা প্ৰক্ৰিয়াত পলম হোৱাৰ বাবে তীৰ্থযাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হৈছে।
বানপানী, বৰষুণ আৰু ভূমিস্খলনৰ বাবে এইবাৰ বন্ধ হৈ পৰিছে নেপাল আৰু চীন সংযোগী তাটোপানী নাকা আৰু ৰাছুৱা নাকা। এই কাৰণেও পথেৰে কৈলাশ মনসাৰৱৰলৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। প্ৰমোদ পণ্ডিতে কয় যে বৰ্তমান পাঁচ হাজাৰৰো অধিক ভাৰতীয় তীৰ্থযাত্ৰী কাঠমাণ্ডুত আবদ্ধ হৈ আছে।
তেওঁ কয় যে নেপাল চৰকাৰ আৰু নিজেই ট্যুৰ অপাৰেটৰৰ জৰিয়তে তেওঁলোকে চীনৰ দূতাবাসৰ বিষয়াসকলক ভিছা প্ৰক্ৰিয়াত বিলম্ব নকৰিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে যদিও চীনৰ দূতাবাসে ইতিবাচক সঁহাৰি দিয়া নাই।
নেপালৰ বৈদেশিক মন্ত্ৰালয়েও চীনৰ দূতাবাসৰ সৈতে সমন্বয় সাধন কৰি থকা বুলি অৱগত কৰিছে। বৈদেশিক সচিব অমৃত ৰায়ে কয় যে তেওঁ নিজেই চীনৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি এই সমস্যা অতি সোনকালে সমাধান কৰিবলৈ অনুৰোধ জনাইছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia