নতুন দিল্লী, ১৪ জুলাই (হি.স.)। আমেৰিকাৰ শুল্কক লৈ উত্তেজনা, ডলাৰ সূচকাংকৰ শক্তি আৰু শ্বেয়াৰ বজাৰত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বিক্ৰীৰ বাবে আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে বন্ধ হয়। ভাৰতীয় মুদ্ৰা আজি ১৯ পইচা হ্ৰাস পাই ডলাৰৰ বিপৰীতে ৮৫.৯৯ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ অন্তিম ব্যৱসায়িক দিন বৃহস্পতিবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰত ৮৫.৮০ টকাত বন্ধ হয়। টকাৰ আজিৰ ব্যৱসায়ো দুৰ্বলতাৰে আৰম্ভ হ’ল।
আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ডলাৰৰ বিপৰীতে ২০ পইচা দুৰ্বলতাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৬ টকাত ব্যৱসায় আৰম্ভ হয়। দিনটোৰ ব্যৱসায়ৰ সময়ত কিছুদিনৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে টকা আৰু ৬ পইচা হ্ৰাস পাই ৮৬.০৬ পইচা হয় যদিও ইয়াৰ পিছত ডলাৰৰ প্ৰবাহ বৃদ্ধিৰ বাবে টকাৰ মূল্য নিম্ন স্তৰৰ পৰা ১৪ পইচা উভতি আহি ৮৫.৯২ পইচাত উপনীত হয়। কিন্তু পিছলৈ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী কৰাৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে টকাৰ মূল্য ৮৫.৮০ত বন্ধ হৈ পৰে।
বজাৰ বিশেষজ্ঞসকলৰ মতে ডলাৰ সূচকাংকৰ শক্তি আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ধন উলিওৱাৰ লগতে আমেৰিকাৰ শুল্কৰ অনিশ্চয়তাক লৈ ব্যৱসায়ীসকলৰ মাজত হোৱা অস্বস্তিয়েও ভাৰতীয় মুদ্ৰা দুৰ্বল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেপেক্স গোল্ড এণ্ড ইনভেষ্টমেণ্টছৰ চিইঅ’ ৰাজীৱ দত্তৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত ডলাৰৰ চাহিদাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱ এতিয়া মুদ্ৰাৰ বজাৰত ডলাৰৰ মূল্য বৃদ্ধিৰ ৰূপত দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া