নতুন দিল্লী, ১৪ জুলাই (হি.স.)। আয়কৰ বিভাগে সোমবাৰে সমগ্ৰ দেশৰ ২০০ৰো অধিক স্থানত অভিযান চলাই, যাৰ ফলত কৰদাতাক ৰাজনৈতিক অনুদান, টিউচন মাচুল আৰু চিকিৎসাৰ খৰচকে ধৰি বিভিন্ন সামগ্ৰীৰ ভুৱা কৰ্তন দাবী কৰাত সহায় কৰা বুলি অভিযোগ উঠিছে। এই অনুসন্ধান অভিযানত আয়কৰ বিভাগে অভিযুক্ত আৰু ভুৱা কৰ কৰ্তনত সহায় কৰা প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছে। ৮০-জিজিচি ধাৰাত বহু মধ্যভোগীৰ বহু ভুৱা বিল পোৱাৰ পিছত আয়কৰ বিভাগৰ এই কাৰ্য সংঘটিত হৈছে।
আয়কৰ আইনৰ এই ধাৰাত কৰদাতাই ৰাজনৈতিক দল বা যিকোনো নিৰ্বাচনী ট্ৰাষ্টক দিয়া অনুদান কৰ্তনৰ ব্যৱস্থা আছে।
ভুৱা চিকিৎসা ব্যয় আৰু টিউচন মাচুল কৰ্তনৰ সন্দৰ্ভত আয়কৰ বিভাগে তালাচী চলাইছে। বহু মধ্যভোগীয়ে নিয়মিতভাৱে ভুৱা বিলৰ পৰা কৰ্তন দাবী কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল। এই ভুৱা বিলবোৰ পাঁচৰ পৰা দহ শতাংশ কমিচনত মধ্যভোগীক দিয়া হৈছিল। এই কৰ ফাঁকি দিয়া লোকসকল মূলতঃ ৰাজধানী চহৰৰ, য’ত মানুহে নিয়মিতভাৱে টিউচন মাচুল আৰু চিকিৎসা খৰচৰ লগতে ৰাজনৈতিক অনুদানৰ জৰিয়তেও প্ৰৱঞ্চনামূলক কৰ্তনৰ দাবী কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া