সাপ্তাহিক পৰ্যালোচনাঃ আমেৰিকাৰ শুল্ক নীতি আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিত পলম হোৱাৰ ফলত অস্থিৰতাৰ সৃষ্টি
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। আমেৰিকাৰ শুল্ক নীতিৰ অনিশ্চয়তা আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিত পলম হোৱাৰ বাবে যোৱা সপ্তাহত শ্বেয়াৰ বজাৰত অহৰহ অস্থিৰতা দেখা গৈছিল। ইয়াৰ বাবেই ৭ জুলাইৰ পৰা ১১ জুলাইলৈকে ব্যৱসায়িক সপ্তাহত বেছিভাগ সময়তে উঠা-নমাৰ ম
पूरे सप्ताह दबाव में कारोबार करता रहा घरेलू शेयर बाजार


নতুন দিল্লী, ১৩ জুলাই (হি.স.)। আমেৰিকাৰ শুল্ক নীতিৰ অনিশ্চয়তা আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিত পলম হোৱাৰ বাবে যোৱা সপ্তাহত শ্বেয়াৰ বজাৰত অহৰহ অস্থিৰতা দেখা গৈছিল। ইয়াৰ বাবেই ৭ জুলাইৰ পৰা ১১ জুলাইলৈকে ব্যৱসায়িক সপ্তাহত বেছিভাগ সময়তে উঠা-নমাৰ মাজতে ঘৰুৱা শ্বেয়াৰ বজাৰত হ্ৰাসৰ সৈতে ব্যৱসায় হৈছিল। ১১ জুলাইত সমাপ্ত হোৱা ব্যৱসায়িক সপ্তাহত চেন্সেক্সৰ মূল্য ৯৩২.৪২ পইণ্টৰ দুৰ্বলতাৰে অৰ্থাৎ সাপ্তাহিক ভিত্তিত ১.১১ শতাংশত ৮২,৫০০.৪৭ পইণ্টত বন্ধ হয়। একেদৰে যোৱা সপ্তাহৰ ব্যৱসায়ৰ অন্ত পৰে ২৫,১৪৯.৮৫ পইণ্টৰ স্তৰত আৰু সাপ্তাহিকভাৱে ৩১১.১৫ পইণ্ট অৰ্থাৎ ১.২২ শতাংশ হ্ৰাস পাইছে।

যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ত বিএছইৰ লাৰ্জকেপ সূচকাংকত এক শতাংশ হ্ৰাস পোৱা গৈছে। এই সূচকাংকত অন্তৰ্ভুক্ত ইউনিয়ন বেংক অৱ ইণ্ডিয়া, টাইটান কোম্পানী, হিন্দুস্তান জিংক, ইণ্ডাছ টাৱাৰ্ছ, বেদান্ত আৰু ইনফ’ এজ ইণ্ডিয়াৰ শ্বেয়াৰসমূহ শীৰ্ষ হেৰুৱাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। আনহাতে, মানকাইণ্ড ফাৰ্মা, ৱাৰী এনাৰ্জিজ, গোড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ, পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন, ডাবুৰ ইণ্ডিয়া আৰু কোটক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ শীৰ্ষ লাভকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

লাৰ্জ কেপ সূচকাংকৰ দৰেই বি এছ ই মিডকেপ সূচকাংকতো সাপ্তাহিক ভিত্তিত এক শতাংশ হ্ৰাস পাইছে। এই সূচকাংকত অন্তৰ্ভুক্ত কোম্পানীসমূহৰ ভিতৰত আৰতি ইণ্ডাষ্ট্ৰীজ, ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া, ভাৰত ফৰ্জ, অৰোবিন্দো ফাৰ্মাচিউটিকেলছ, এণ্ডুৰেন্স টেকন’লজিছ, প্ৰিচিজন ফৰ্জিংছ, ভাৰতী হেক্সাকম আৰু সোনা বিএলডব্লিউৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ পিছত শীৰ্ষ হেৰুৱাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। আনহাতে, প্ৰিমিয়াৰ এনাৰ্জিজ, ৰিলেক্সো ফুটৱেয়াৰ্ছ, এফ এছ এন ই-কমাৰ্চ ভেঞ্চাৰছ, দিল্লী ভেৰী, এ ডব্লিউ এল এগ্ৰি বিজনেছ, ইমামি, প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছ আৰু কামিন্স ইণ্ডিয়াৰ শ্বেয়াৰ ৫ৰ পৰা ১১ শতাংশ শক্তিৰে শীৰ্ষ লাভকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

লাৰ্জকেপ আৰু মিডকেপৰ দৰেই বিএছইৰ স্মলকেপ সূচকাংকও যোৱা সপ্তাহত নিম্নগামী ধাৰাত আছে। কিন্তু এই সূচকাংকত তুলনামূলকভাৱে কম হ্ৰাস পোৱা গৈছে। সাপ্তাহিক ভিত্তিত ০.৬০ শতাংশ দুৰ্বলতাৰে বন্ধ হয় স্মলকেপ সূচকাংক। এই সূচকাংকত অন্তৰ্ভুক্ত কে আৰ ৰেল ইঞ্জিনিয়াৰিং, হেম্পটন স্কাই ৰিয়েলটি, সিন্ধু ট্ৰেড লিংকছ, ড্ৰিমফক্স চাৰ্ভিচেছ, চিগাচি ইণ্ডাষ্ট্ৰীজ, সাধনা নাইট্ৰ’কেম, গাৰৱেৰ হাইটেক ফিল্মছ, পাৰাছ ডিফেন্স এণ্ড স্পেচ টেকন’লজিছ, দীপক ফাৰ্টিলাইজাৰ্ছ আৰু পেট্ৰ’কেমিকেল কৰ্প’ৰেশ্যন, ইণ্ডিয়ান মেটাল এণ্ড ফেৰ’ এলয়ছ, শাৰদা ক্ৰপচেম আৰু এনএচিএল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰসমূহ এটা... সাপ্তাহিকভাৱে ৭ৰ পৰা ১৪ শতাংশ হ্ৰাস পাইছে। আনহাতে, একমে ছ’লাৰ হোল্ডিংছ, পেনিনচুলা লেণ্ডছ, জন ক্ৰকেৰিল ইণ্ডিয়া, জয়প্ৰকাশ পাৱাৰ ভেঞ্চাৰছ, শিৱ চিমেণ্ট, ডিচ টিভি ইণ্ডিয়া আৰু ফৰ্চ মটৰছৰ শ্বেয়াৰ সাপ্তাহিক ১৫ৰ পৰা ৩৯ শতাংশ শক্তিৰে শীৰ্ষ লাভকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

খণ্ডগত দিশত যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত বিএছই টেলিকম সূচকাংক ৪.৪০ শতাংশ হ্ৰাস পাই বন্ধ হয়। একেদৰে বি এছ ই আই টি সূচকাংকত সাপ্তাহিকভাৱে ৩ শতাংশ, কনজিউমাৰ ডুৰেবল সূচকাংক ২.৭ শতাংশ, অটোম’বাইল, মেটাল, পি এছ ইউ বেংক আৰু শক্তি সূচকাংক সাপ্তাহিকভাৱে দুশতাংশ হ্ৰাসৰ সৈতে বন্ধ হয়। আনহাতে, যোৱা সপ্তাহৰ ব্যৱসায়ত বিএছই এফএমচিজি সূচকাংক দুশতাংশ জপিয়াই পৰে। একেদৰে শক্তি সূচকাংকতো ০.৬০ শতাংশ বৃদ্ধিৰে বন্ধ হ’বলৈ সক্ষম হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande