দেশৰ ৮টা কোম্পানীৰ মাৰ্কেট কেপ ২.০৭ লাখ কোটি হ্ৰাস, টিচিএছৰ সৰ্বাধিক লোকচান
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা সৰ্বাধিক মূল্যৰ কোম্পানীসমূহৰ ভিতৰত ৮টা কোম্পানীৰ বজাৰ মূল্য ২.০৭ লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ (ট
শীৰ্ষ ১০ ত অন্তৰ্ভুক্ত ৯ টা কোম্পানীৰ মাৰ্কেট কেপ


নতুন দিল্লী, ১৩ জুলাই (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা সৰ্বাধিক মূল্যৰ কোম্পানীসমূহৰ ভিতৰত ৮টা কোম্পানীৰ বজাৰ মূল্য ২.০৭ লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু ভাৰতী এয়াৰটেলৰ লোকচান সৰ্বাধিক। আনহাতে, শীৰ্ষ ১০ ৰ ভিতৰত অন্তৰ্ভুক্ত ২ টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ৪৭ হাজাৰ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত হিন্দুস্তান ইউনিলিভাৰে সৰ্বাধিক লাভৱান হৈছিল।

এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত হিন্দুস্তান ইউনিলিভাৰ আৰু বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৪৭,৩৯৬.৭০ কোটি টকা বৃদ্ধি পাইছে। আনহাতে, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ভাৰতী এয়াৰটেল, এইচডিএফচি বেংক, আইচিআইচিআই বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), ইনফ’ছিছ আৰু ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)ৰ মাৰ্কেট কেপ ২,০৭,৫০১.৫৮ কোটি টকা হ্ৰাস পাইছে। ৭ৰ পৰা ১১ জুলাইৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ছোৱাত টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ৫৬,২৭৯.৩৫ কোটি টকা হ্ৰাস পাই ১১,৮১,৪৫০.৩০ কোটি টকা হয়।

একেদৰে ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৫৪,৪৮৩.৬২ কোটি টকা হ্ৰাস পাই ১০,৯৫,৮৮৭.৬২ কোটি টকা হয়। ইয়াৰ উপৰিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৪৪,০৪৮.২০ কোটি টকা হ্ৰাস পাই ২০,২২,৯০১.৬৭ কোটি টকা, ইনফ’ছিছৰ মাৰ্কেট কেপ ১৮,৮১৮.৮৬ কোটি টকা হ্ৰাস পাই ৬,৬২,৫৬৪.৯৪ কোটি টকা, আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ১৪,৫৫৬.৮৪ টকা হ্ৰাস পাইছে কোটি টকা হৈছেগৈ ১০,১৪,৯১৩.৭৩ কোটি টকা।

ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১১,৯৫৪.২৫ কোটি টকা হ্ৰাস পাই ৫,৮৩,৩২২.৯১ কোটি, এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৪,৩৭০.৭১ কোটি হ্ৰাস পাই ১৫,২০,৯৬৯.০১ কোটি টকা আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ মাৰ্কেট কেপ ২,৯৮৯.৭৫ কোটি টকা হ্ৰাস পাই ৭,২১,৫৫৫.৫৩ কোটি টকা হৈছেগৈ। হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৪২,৩৬৩.১৩ কোটি টকা বৃদ্ধি পাই ৫,৯২,১২০.৪৯ কোটি টকা হয়। একেদৰে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৫,০৩৩.৫৭ কোটি টকা বৃদ্ধি পাই ৫,৮০,০১০.৬৮ কোটি টকা হয়।

মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ২০,২২,৯০১.৬৭ কোটি টকাৰ বজাৰ মূলধনেৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপযুক্ত কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,২০,৯৬৯.০১ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১১,৮১,৪৫০.৩০ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১০,৯৫,৮৮৭.৬২ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,১৪,৯১৩.৭৩ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,২১,৫৫৫.৫৩ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,৬২,৫৬৪.৯৪ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৯২,১২০.৪৯ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৮৩,৩২২.৯১ কোটি টকা) আৰু বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৮০,০১০.৬৮ কোটি টকা) সৰ্বাধিক মূল্যৱান শীৰ্ষ ১০ টা কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande