হংকঙক পৰাজিত কৰি দক্ষিণ কোৰিয়াৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে ইষ্ট এছিয়ান কাপ জয়লাভ
য়ংগিন (দক্ষিণ কোৰিয়া), ১২ জুলাই (হি.স.)। আয়োজক দক্ষিণ কোৰিয়াই শুকুৰবাৰে ইষ্ট এছিয়ান কাপ ২০২৫ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চীনৰ হংকঙক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে। খেলখনৰ ২৭ মিনিটত কাং ছাং ইউনে ছিঅ’ মিন-উৰ
হংকং আৰু দক্ষিণ কোৰিয়াৰ মাজৰ মেচ


য়ংগিন (দক্ষিণ কোৰিয়া), ১২ জুলাই (হি.স.)। আয়োজক দক্ষিণ কোৰিয়াই শুকুৰবাৰে ইষ্ট এছিয়ান কাপ ২০২৫ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চীনৰ হংকঙক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে।

খেলখনৰ ২৭ মিনিটত কাং ছাং ইউনে ছিঅ’ মিন-উৰ পাছত নিজৰ ডিফেণ্ডাৰক পৰাস্ত কৰি সুন্দৰ ফিনিছিং কৰি প্ৰথমটো গ’ল দিয়ে। হাফ টাইমৰ অন্তত দক্ষিণ কোৰিয়াই দীৰ্ঘ দূৰত্বৰ পৰা দুটা গ’ল দিবলৈ চেষ্টা কৰিছিল যদিও দুয়োবাৰেই লক্ষ্য হেৰুৱাইছিল। অৱশ্যে ৬৭ মিনিটত লি হো-জেয়ে শক্তিশালী হেডাৰেৰে দলটোৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে।

সমগ্ৰ খেলখনত দক্ষিণ কোৰিয়াৰ আধিপত্য আছিল। দলটোৱে মুঠ ৭৮ শতাংশ বলৰ দখল বজাই ৰাখি ২০টা শ্বট লয়, ইয়াৰে ৬টা শ্বট পোনে পোনে গ’ল পোষ্টৰ দিশত আছিল।

ইষ্ট এছিয়ান কাপ হৈছে চাৰিটা দলৰ মিনি লীগ, য'ত প্ৰতিটো দলে আন তিনিটা দলৰ সৈতে এবাৰ খেলে। পইণ্টৰ তালিকা নিৰ্ধাৰণ কৰা হয় পইণ্টৰ ভিত্তিত, তাৰ পিছত হেড টু হেড ফলাফল, গ’লৰ পাৰ্থক্য আৰু কৰা গ’লৰ ভিত্তিত।

প্ৰথমখন খেলত দক্ষিণ কোৰিয়াই চীনক ৩-০ গ’লত পৰাস্ত কৰে। দুটা জয়ৰ সৈতে কোৰিয়াৰ দলটোৱে এতিয়া ৬ পইণ্ট লাভ কৰিছে। পৰৱৰ্তী খেলখন ১৫ জুলাইত জাপানৰ বিৰুদ্ধে হ’ব, আনহাতে হংকঙে চীনৰ বিৰুদ্ধে খেলিব।

এই প্ৰতিযোগিতাখন ৭ জুলাইৰ পৰা ১৬ জুলাইলৈ দক্ষিণ কোৰিয়াৰ গ্যয়ংগি প্ৰদেশৰ ছুৱন আৰু য়ংগিন চহৰত অনুষ্ঠিত হৈছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande