নতুন দিল্লী, ১২ জুলাই (হি.স.)। যোৱা সপ্তাহত গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱা ডিঅ’গো জোটাই পিন্ধা ২০ নম্বৰ জাৰ্চিখন লিভাৰপুলে অৱসৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জোটাৰ সন্মানত ক্লাবটোৱে সকলো স্তৰৰ ২০ নম্বৰ জাৰ্চি অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। স্পেইনৰ উত্তৰ-পশ্চিম চহৰ জামোৰাৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত ২৮ বছৰীয়া পৰ্তুগীজ ফুটবলাৰ জোটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰে চিলভা (যি এজন ফুটবল খেলুৱৈও আছিল)ৰ মৃত্যু হয়।
শুকুৰবাৰে লিভাৰপুলে কয় যে তেওঁৰ নম্বৰ মহিলা দল আৰু একাডেমীকে ধৰি ক্লাবৰ সকলো স্তৰতে অৱসৰ লোৱা হ’ব।
প্ৰিমিয়াৰ লীগ ক্লাবটোৱে এক বিবৃতিত কয় যে, এইটোৱেই আছিল তেওঁ গৌৰৱ আৰু সুখ্যাতিৰে পিন্ধা নম্বৰ আৰু এই প্ৰক্ৰিয়াত আমাক অগণন জয়ৰ দিশত আগুৱাই লৈ গৈছিল। জোটাই মাত্ৰ তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ সফল ছিজনটো সম্পূৰ্ণ কৰিছিল - য'ত তেওঁ লিভাৰপুলক অভিলেখ সৃষ্টিকাৰী ২০ সংখ্যক ইংলিছ লীগ খিতাপ দখল কৰিছিল আৰু পৰ্তুগালৰ সৈতে ইউএফএ নেচনছ লীগ জয় কৰিছিল। ডিঅ'গো জোটা সদায় লিভাৰপুল ফুটবল ক্লাবৰ ২০ নম্বৰ খেলুৱৈ হ'ব।
ডিঅ’গো জোটাই লিভাৰপুলৰ হৈ মুঠ ১৮২খন মেচ খেলি ৬৫টা গ’ল দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰিমিয়াৰ লীগৰ লগতে এফ এ কাপ আৰু ইংলিছ লীগ কাপো লাভ কৰে।
লিভাৰপুলে কয় যে তেওঁৰ পৰিয়ালৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে।
লিভাৰপুলৰ মালিক ফেনৱে স্প’ৰ্টছৰ ফুটবল চিইঅ’ মাইকেল এডৱাৰ্ডে কয় যে, ‘এটা ক্লাব হিচাপে আমি সকলোৱে আমাৰ সমৰ্থকসকলৰ অনুভৱৰ বিষয়ে ভালদৰেই জানিছিলোঁ আৰু আমিও হুবহু একে অনুভৱ কৰিছিলোঁ।’
তেওঁ আৰু কয়, মই বিশ্বাস কৰোঁ যে লিভাৰপুল ফুটবল ক্লাবৰ ইতিহাসত এইটোৱেই প্ৰথমবাৰৰ বাবে কোনো ব্যক্তিক এনে সন্মান দিয়া হৈছে। গতিকে আমি ক'ব পাৰো যে এইটো এজন অনন্য আৰু আচৰিত ব্যক্তিৰ প্ৰতি এক অনন্য শ্ৰদ্ধাঞ্জলি। এই দলীয় নম্বৰটোক অৱসৰ লৈ আমি ইয়াক চিৰন্তন কৰি তুলিছো আৰু সেয়েহে ইয়াক কেতিয়াও পাহৰিব নোৱাৰি।
যোৱা সপ্তাহৰ শেষৰ ফালে লিভাৰপুল আৰু পৰ্তুগালৰ খেলুৱৈসকলে জোটা আৰু তেওঁৰ ভাতৃৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰে। তেওঁলোকৰ মৃত্যুৰ শোকত ক্লাবৰ এনফিল্ড ষ্টেডিয়ামৰ বাহিৰত ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া