ৰিঅ’ ডি জেনেইৰ’, ১২ জুলাই (হি.স.)। ব্ৰাজিলৰ ক্লাব বোটাফোগোৱে নিশ্চিত কৰিছে যে তেওঁলোকৰ কেন্দ্ৰীয় ডিফেণ্ডাৰ জেইৰ কুনহাই ইংলেণ্ড প্ৰিমিয়াৰ লীগৰ ক্লাব নটিংহাম ফৰেষ্টত যোগদান কৰিছে। প্ৰায় ১ কোটি ২০ লাখ ইউৰোত এই ট্ৰেন্সফাৰ চুক্তি সম্পূৰ্ণ হৈছে।
২০২৮ চনলৈকে বোটাফোগোৰ সৈতে চুক্তিবদ্ধ হোৱা ২০ বছৰীয়া জেইৰে এতিয়া ২০৩০ চনৰ জুনলৈকে নটিংহাম ফৰেষ্টৰ সৈতে চুক্তিবদ্ধ হৈছে।শুকুৰবাৰে বটাফোগোৱে নিজৰ অফিচিয়েল ৱেবছাইটত এক বিবৃতি প্ৰকাশ কৰি এই তথ্য প্ৰদান কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে, ‘আমাৰ ক্লাবৰ বাবে তেওঁৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আমি ডিফেণ্ডাৰগৰাকীক ধন্যবাদ জনাইছো আৰু তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।’
ফেব্ৰুৱাৰী মাহত ছান্টোছৰ পৰা বোটাফ’গোত যোগদান কৰাৰ পিছত জেইয়াৰে ক্লাবৰ হৈ সকলো প্ৰতিযোগিতাতে মুঠ ২২খন খেল খেলিছিল। তেওঁ ব্ৰাজিলৰ ২০ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় দলৰ সদস্যও।
ক্লাবটোৱে ষ্ট্ৰাইকাৰ ইগ’ৰ জেছুছক ১১.৫ মিলিয়ন ইউৰোৰ ৰিপ’ৰ্ট মাচুলত চুক্তিবদ্ধ কৰাৰ পিছত এই সপ্তাহত নটিংহাম ফৰেষ্টত যোগদান কৰা বটাফ’গোৰ দ্বিতীয়জন খেলুৱৈ হৈছে জেইৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া