লণ্ডন/নিউয়ৰ্ক, ১২ জুলাই (হি.স.)। ইউৰোপীয় ফুটবলত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে প্ৰিমিয়াৰ লীগৰ ক্লাব ক্রিষ্টাল পেলেছ। শুকুৰবাৰে ইউএফএই ঘোষণা কৰে যে বহু ক্লাবৰ মালিকীস্বত্বৰ নিয়ম উলংঘা কৰাৰ বাবে ক্লাবটোক ইউৰোপা লীগৰ পৰা আঁতৰাই তৃতীয় স্তৰৰ ইউএফএ কনফাৰেন্স লীগলৈ বদলি কৰা হৈছে। আনহাতে, অলিম্পিক লায়নক ইউৰোপা লীগত খেলাৰ অনুমতি দিয়া হৈছে।
উল্লেখ্য যে লায়নৰ সংখ্যাগৰিষ্ঠ মালিক ঈগল ফুটবল গ্ৰুপৰ বিপৰীতে ইয়াৰ অধ্যক্ষ জন টেক্সটাৰেও ক্রিষ্টাল পেলেচত নিয়ন্ত্ৰণকাৰী অংশীদাৰিত্ব লাভ কৰিছে। এই পৰিস্থিতি ইউএফএৰ বহু ক্লাব মালিকীস্বত্বৰ নিয়মৰ বিৰুদ্ধে।
যোৱা ছিজনত এফ এ কাপ জয় কৰি ক্রিষ্টাল পেলেছে ইউৰোপা লীগৰ বাবে যোগ্যতা অর্জন কৰাৰ বিপৰীতে লায়নে লিগ ১ত ষষ্ঠ স্থান দখল কৰি এই প্রতিযোগিতাত উপনীত হয়৷আর্থিক অৱস্থাৰ অভাৱৰ বাবে লিয়নে ফ্রান্সৰ ঘৰুৱা লিগ ২লৈ পর্যন্ত হোৱাৰ আশংকাত ভুগিছিল যদিও বুধবাৰে এই সিদ্ধান্ত বাতিল কৰা হয়, যিটো সিদ্ধান্ত লোৱাৰ পূৰ্বে ইউএফএৰ ক্লাব ফাইনেন্সিয়েল কণ্ট্ৰ’ল ব’ডিয়ে (চিএফচিবি) চোৱাচিতা কৰি আছিল৷
ইউএফএই আনুষ্ঠানিক বিবৃতিত কয় যে, “সেই অনুসৰি চিএফচিবিৰ ফাৰ্ষ্ট চেম্বাৰে অলিম্পিক লায়ন আৰু ক্রিষ্টাল পেলেছে দাখিল কৰা নথি-পত্ৰসমূহ পৰ্যালোচনা কৰি এই সিদ্ধান্তত উপনীত হয় যে এই ক্লাবসমূহে ২০২৫ চনৰ ১ মাৰ্চলৈকে বহু ক্লাবৰ মালিকীস্বত্বৰ মাপকাঠী উলংঘা কৰিছে।”
অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টত ক্রিষ্টাল পেলেছে আপীল কৰিব পাৰে৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া