এয়াৰ ইণ্ডিয়াই পাইলটৰ সৈতে বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ কৰিব পৰ্যালোচনা
মুম্বাই, ১২ জুলাই (হি.স.)। বিমান কোম্পানী এয়াৰ ইণ্ডিয়াই শনিবাৰে প্ৰকাশ কৰে যে সংস্থাটোৱে বিগত ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন পৰ্যালোচনাৰ বাবে অনাগত দিনত বিশেষ অধিবেশন অনুষ্ঠিত কৰিব আৰু ইয়াত পাইলটসকলকো অ
কাঠমাণ্ডুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমান


মুম্বাই, ১২ জুলাই (হি.স.)। বিমান কোম্পানী এয়াৰ ইণ্ডিয়াই শনিবাৰে প্ৰকাশ কৰে যে সংস্থাটোৱে বিগত ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন পৰ্যালোচনাৰ বাবে অনাগত দিনত বিশেষ অধিবেশন অনুষ্ঠিত কৰিব আৰু ইয়াত পাইলটসকলকো অন্তৰ্ভুক্ত কৰা হ’ব।

এয়াৰ ইণ্ডিয়াৰ এই বক্তব্য বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এআইআইবি)ৰ দ্বাৰা প্ৰকাশিত ১৫ পৃষ্ঠাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ পিছত আহিছে। ইয়াত কোৱা হৈছে যে এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ এ আই ১৭১ৰ দুয়োটা ইঞ্জিনৰ ইন্ধনৰ যোগান এক চেকেণ্ডৰ ব্যৱধানত বন্ধ হৈ পৰাৰ ফলত ককপিটত আতংকৰ সৃষ্টি হয় আৰু উৰণৰ প্ৰায় লগে লগে বিমানখন মাটিত খুন্দা মাৰে।

ইফালে ভাৰতীয় এয়াৰলাইন পাইলট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই এআইআইবিৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত কয় যে, তদন্তৰ সুৰ আৰু দিশটোৱে পাইলটৰ ভুলৰ প্ৰতি পক্ষপাতিত্বৰ ইংগিত দিয়ে। আমি এই ধাৰণাটো সম্পূৰ্ণৰূপে নাকচ কৰি নিৰপেক্ষ, তথ্যভিত্তিক তদন্তৰ ওপৰত জোৰ দিওঁ। কোনো দায়িত্বশীল বিষয়াৰ স্বাক্ষৰ বা অজ্ঞাতে প্ৰতিবেদনখন সংবাদ মাধ্যমৰ আগত ফাদিল কৰা হৈছে। তদন্তত স্বচ্ছতাৰ অভাৱ, কিয়নো তদন্তত গোপনীয়তা ভংগ হৈছে, যাৰ বাবে বিশ্বাসযোগ্যতা আৰু জনতাৰ বিশ্বাস হ্ৰাস পাইছে। ইয়াৰ উপৰিও যোগ্যতাসম্পন্ন, অভিজ্ঞ কৰ্মী, বিশেষকৈ লাইন পাইলটসকলক এতিয়াও তদন্তকাৰী দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই।”

উল্লেখযোগ্য যে যোৱা ১২ জুনত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখনে আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ ক্ষন্তেক পিছতেই গতি হেৰুৱাবলৈ আৰম্ভ কৰিছিল আৰু মেডিকেল কলেজৰ হোষ্টেলত খুন্দা খাইছিল। এই দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত এজনৰ বাহিৰে বাকী সকলোৰে মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন লোকৰ স্থলভাগত মৃত্যু হয়। এইটো আছিল এই দশকৰ আটাইতকৈ মাৰাত্মক বিমান দুৰ্ঘটনা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande