ভাৰতত প্ৰথম টেছলা শ্ব’ৰুম ১৫ জুলাইত মুম্বাইত মুকলি
নতুন দিল্লী, ১২ জুলাই (হি.স.)। আমেৰিকাৰ ইলেক্ট্ৰিক চাৰিচকীয়া বাহন টেছলাই ভাৰতত মুম্বাইত প্ৰথমটো শ্ব’ৰুম স্থাপন কৰিব। অহা ১৫ জুলাইত মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভত প্ৰথম টেছলা শ্ব’ৰুম স্থাপন কৰাৰ বিপৰীতে চলিত জুলাই মাহৰ শেষৰ ফালে দিল্লীৰ দ্বিতী
টেছলা


নতুন দিল্লী, ১২ জুলাই (হি.স.)। আমেৰিকাৰ ইলেক্ট্ৰিক চাৰিচকীয়া বাহন টেছলাই ভাৰতত মুম্বাইত প্ৰথমটো শ্ব’ৰুম স্থাপন কৰিব। অহা ১৫ জুলাইত মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভত প্ৰথম টেছলা শ্ব’ৰুম স্থাপন কৰাৰ বিপৰীতে চলিত জুলাই মাহৰ শেষৰ ফালে দিল্লীৰ দ্বিতীয়টো শ্ব’ৰুমৰ কাম আৰম্ভ হ’ব।

টেছলাই অহা ১৫ জুলাইত ভাৰতত প্ৰথমটো অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন কৰিবলৈ সাজু হৈছে। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভত অৱস্থিত এই কেন্দ্ৰটো প্ৰথম সপ্তাহত ভিআইপি আৰু ব্যৱসায়িক অংশীদাৰৰ বাবে সংৰক্ষিত কৰা হ’ব । আনহাতে পৰৱৰ্তী সপ্তাহৰ পৰা সাধাৰণ জনতাক অনুমতি দিয়া হ’ব। আমেৰিকাৰ ইলেক্ট্ৰিক চাৰিচকীয়া বাহন ব্ৰেণ্ডে ২০২৫ চনৰ জুলাই মাহৰ শেষৰ ফালে দিল্লীত দ্বিতীয়টো শ্ব’ৰুম মুকলি কৰিব বুলি সূত্ৰই নিশ্চিত কৰিছে। ভাৰতীয় বজাৰত বিক্ৰীৰ বাবে ওলোৱা প্ৰথমখন কোম্পানী গাড়ী হ’ব টেছলা মডেল ৱাই। কোৱা বাহুল্য যে ইয়াক চীনৰ পৰা সম্পূৰ্ণ আমদানি হিচাপে বিক্ৰী কৰা হ’ব।

টেছলাই অহা সপ্তাহৰ পৰা মডেল ৱাইৰ প্ৰি-অৰ্ডাৰ ল’বলৈ আৰম্ভ কৰাৰ বিপৰীতে ২০২৫ চনৰ আগষ্টৰ শেষৰ ফালে প্ৰথম ডেলিভাৰীৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। কেইটামান ফাদিল নথি-পত্ৰত প্ৰকাশ পাইছে যে চীনৰ ব্ৰেণ্ডটোৰ কাৰখানাৰ পৰা ইতিমধ্যে ৰিয়াৰ হুইল ড্ৰাইভ মডেল ৱাই এছ ইউ ভিৰ প্ৰথম বেচ ভাৰতত উপস্থিত হৈছে। উল্লেখযোগ্য যে টেছলা মডেল ৱাই হৈছে বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ইলেক্ট্ৰিক গাড়ী আৰু ইয়েই ভাৰতত বিক্ৰীৰ বাবে মুকলি হোৱা প্ৰথমখন টেছলা হিচাপে কোম্পানীটোৱে ইয়াক বাছনি কৰাৰ অগ্ৰণী কাৰণ হ’ব পাৰে।

চীনৰ পৰা আমদানি কৰা মডেল ৱাইৰ মূল্য ৩২,২৭০ ডলাৰ (প্ৰায় ২৮ লাখ টকা)। কিন্তু ভাৰতত ইয়াক বহু বেছি মূল্যত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে কাৰণ ৪০ হাজাৰ ডলাৰৰ তলৰ মূল্যৰ ইলেক্ট্ৰিক গাড়ীৰ সম্পূৰ্ণ নিৰ্মিত ইউনিট (চিবিইউ)ৰ ওপৰত ৭০ শতাংশ আমদানি শুল্ক আৰোপ কৰা হয়। অনুমান কৰা হৈছে যে সকলো চাৰ্চাৰ্জ অন্তৰ্ভুক্ত কৰাৰ পিছত ভাৰতত টেছলা মডেল ৱাইৰ মূল্য আমেৰিকাত ইয়াৰ খৰচতকৈও বেছি হ’ব যিটো হৈছে ৪৬,৬৩০ ডলাৰ (প্ৰায় ৪০ লাখ টকা)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande