কাৰ্বি আংলং, ১০ জুলাই (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফুৰ হৰিলাল বস্তিত এগৰাকী বিবাহিত মহিলাক লৈ এক চাঞ্চল্যকৰ ঘটনা ঘটিছে। অঞ্চলটোৰ পৰিৱেশ নষ্ট কৰা আৰু স্থানীয় যুৱকৰ সৈতে অনৈতিক সম্পৰ্ক স্থাপন কৰি ব্লেকমেইলিং কৰাৰ অভিযোগত স্থানীয় মহিলাসকলে উক্ত চহৰখনৰ মাজেৰে খোজ কঢাই আৰক্ষী থানালৈ যায়। পিচত কালি বিয়লি স্থানীয় মহিলাসকলে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
তেওঁলোকৰ অভিযোগ অনুসৰি, উক্ত মহিলা গৰাকিয়ে কিছুমান ডেকা ল’ৰাক লক্ষ্য কৰি ব্লেকমেইল কৰি অহা দেখা গৈছিল। স্থানীয় লোকৰ দাবী, এই ব্লেকমেইলিঙৰ বলি হৈ এজন যুৱকে আত্মহত্যা কৰিছে আৰু তেওঁৰ ছুইচাইড নোটত মহিলাগৰাকীৰ নামো উল্লেখ কৰা আছিল বুলি জনায় । এই ঘটনাই সমগ্ৰ ডিফুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু স্থানীয় ৰাইজে উক্ত মহিলাৰ গৰাকিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ