মাজুলী,১০ জুলাই (হি.স.)। যোৰহাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ভোগ দি পূজা অৰ্চনা মাজুলীৰ ভকত বৈষ্ণৱৰ ।আজিৰ পৰা তিনি বছৰ পূৰ্বে যোৰহাটৰ নিমাটি ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল এক শোকাবহ নাও দুৰ্ঘটনাৰ। যত দুখন নাৱৰ মাজত হোৱা উক্ত দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল।
উক্ত দুৰ্ঘটনাৰ পাছৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যাত্ৰা নিৰাপদ হোৱা, ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া হ্ৰাস পোৱা আদিক লৈ প্ৰত্যেক বছৰেই মাজুলীৰ ভকত বৈষ্ণবে ব্ৰহ্মপুত্ৰ নদীক সন্তুষ্ট কৰিবৰ বাবে ভোগ দি পূজা অৰ্চনা কৰি আহিছে। সেই অনুসৰি আজি তৃতীয় বর্ষৰ বাবে পুনৰ এবাৰ যোৰহাটৰ নিমাতি ঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত ভোগ দি পূজা অৰ্চনা কৰে মাজুলীৰ ভকত বৈষ্ণৱে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু