পশ্চিম কাৰ্বি আংলং, ১০ জুলাই (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন উপস্থিত হৈ কংগ্ৰেছৰ দলীয় কৰ্মীৰ সৈতে এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত মিলিত হয় ৷ ডংকামোকামৰ ৰংখাং ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত মত-বিনিময় আৰু প্ৰস্তুতি মূলক সভাত কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ইয়াৰ পিছতেই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু