নাওকাটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা উদ্বোধন
তামুলপুৰ, ১০ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ নাওকাটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা উদ্বোধন কৰা হৈছে। আজিৰে পৰা ২৪ জুলাইলৈ অনুষ্ঠিত হ''ব পোন্ধৰ দিনীয়া এই নাট্য কৰ্মশালা। অনুষ্ঠান উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে। সাংস্কৃতিক পৰিক্ৰ
নাওকাটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা উদ্বোধন


তামুলপুৰ, ১০ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ নাওকাটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা উদ্বোধন কৰা হৈছে। আজিৰে পৰা ২৪ জুলাইলৈ অনুষ্ঠিত হ'ব পোন্ধৰ দিনীয়া এই নাট্য কৰ্মশালা। অনুষ্ঠান উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত গোৰেশ্বৰ বিধান সভা সমষ্টি ভিত্তিত তামুলপুৰ জিলা নাট্য সন্মিলনীৰ অধিনৰ নাওকাটা শাখাৰ আয়োজনত নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোন্ধৰ দিনীয়া এখনি নাট কৰ্মশালা অনুষ্ঠিত হয় ৷

অনুষ্ঠানত নাট্যাভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক অভিজিৎ দাসে।অঞ্চলটিৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় মুঠ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালা খনিত তামুলপুৰ জিলা নাট্য সন্মিলনীৰ সভাপতি হৰেশ্বৰ নাৰায়ণ কোঁৱৰ, অধ্যক্ষ ৰবিৰাম ব্ৰহ্ম, আৰক্ষী বিষয়া ৰাজেন বড়ো, সঞ্জীৱ শৰ্মা, নিৰ্মালী শৰ্মাৰ লগতে তামুলপুৰ, গোৰেশ্বৰ আৰু নাওকাটা নাট্য সন্মিলনীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande