ধনুষে আৰম্ভ কৰিলে ‘ডি৫৪’ৰ শ্বুটিং, ফাৰ্ষ্ট লুক প্ৰকাশ
শেহতীয়াকৈ অভিনেতা ধনুষক ‘কুবেৰ’ ছবিত ভিক্ষাৰীৰ চৰিত্ৰত দেখা গৈছিল। তেওঁৰ এই সুন্দৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল যদিও ছবিখনে বক্স অফিচত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। এতিয়া ধনুষ আকৌ এবাৰ দৰ্শকৰ মাজত ঘূৰি আহিবলৈ সাজু হৈছে আৰু তেওঁৰ আগন্তুক প্ৰজেক্
ধনুষে আৰম্ভ কৰিলে‘ডি৫৪’ৰ শ্বুটিং, ফাৰ্ষ্ট লুক প্ৰকাশ


শেহতীয়াকৈ অভিনেতা ধনুষক ‘কুবেৰ’ ছবিত ভিক্ষাৰীৰ চৰিত্ৰত দেখা গৈছিল। তেওঁৰ এই সুন্দৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল যদিও ছবিখনে বক্স অফিচত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। এতিয়া ধনুষ আকৌ এবাৰ দৰ্শকৰ মাজত ঘূৰি আহিবলৈ সাজু হৈছে আৰু তেওঁৰ আগন্তুক প্ৰজেক্টসমূহক লৈ প্ৰচণ্ড উৎসাহ দেখা গৈছে। ইয়াৰে এখন হৈছে পৰিচালক বিগনেশ ৰাজাৰ পৰৱৰ্তী ছবি, যাৰ বৰ্তমান কামৰ শিৰোনাম ‘ডি৫৪’ ৰখা হৈছে। এতিয়া এই ছবিখনৰ পৰা ধনুষৰ ফাৰ্ষ্ট লুক ওলাইছে, য’ত তেওঁৰ ষ্টাইল অতি ৰহস্যময় আৰু তীব্ৰ দেখা গৈছে। এই আভাস অনুৰাগীৰ মাজত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ছবিখনৰ প্ৰতি আশা আৰু অধিক বৃদ্ধি পাইছে।

তেওঁৰ পৰৱৰ্তী ছবি ‘ডি৫৪’ৰ ফাৰ্ষ্ট লুক ওলাইছে ধনুষৰ, আৰু ই ছ’চিয়েল মিডিয়াত যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত দেখা গৈছে ধনুষৰ অতি তীব্ৰ আৰু শক্তিশালী অৱতাৰ। পোষ্টাৰখনৰ সৈতে নিৰ্মাতাসকলে লিখিছে, কেতিয়াবা বিপদজনক হৈ থকাটোৱেই জীয়াই থকাৰ একমাত্ৰ উপায়। এই শাৰীটোৱে দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে। ১০ জুলাইৰ পৰা আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং।

ইয়াৰ উপৰিও ধনুষৰ আন বহুতো আকৰ্ষণীয় প্ৰকল্পও আছে। শীঘ্ৰে ১ অক্টোবৰত চিনেমাগৃহত মুক্তি পাবলগীয়া ছবি ‘ইদলী কঢ়াই’ত তেওঁক দেখা পোৱা যাব, ইয়াৰ লগতে আনন্দ এল ৰায়ৰ পৰিচালনাত নিৰ্মিত ‘তেৰে ইছক মে’ ছবিখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিব ধনুষে, য’ত তেওঁ প্ৰথমবাৰৰ বাবে কৃতি ছাননৰ সৈতে যোৰ কৰিব। এই ছবিখনেও দৰ্শকৰ বাবে কঢ়িয়াই আনিবলৈ গৈ আছে এক বিশেষ ৰোমান্টিক অভিজ্ঞতা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande