মৰঙিত ধনশিৰিৰ জলপ্রলয়ত দিশহাৰা বন্যাৰ্তৰ কাষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
জলমগ্ন 25 খনৰো অধিক গাঁও।বন্যাৰ্তৰ কাষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
মৰঙিত ধনশিৰিৰ জলপ্রলয়ত দিশহাৰা বন্যাৰ্তৰ কাষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি


গোলাঘাট, ১০ জুলাই (হি.স.): গোলাঘাট জিলাৰ মৰঙি মৌজাত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে ২৫ খনৰো অধিক গাঁও। বানপানী হ্ৰাস পাইছে যদিও নাজল নাথল অৱস্থা ছয় হাজাৰৰো অধিক পৰিয়ালৰ। মৰঙিৰ বিভিন্ন স্থানত বন্যাৰ্তৰ বাবে প্ৰশাসনৰ ১২ টাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা। আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে হাজাৰ হাজাৰ ৰাইজে। এই জলপ্রলয়ৰ সময়ত বন্যাৰ্তৰ কাষত যোৱাকালি বুধবাৰে সন্ধিয়া থিয় হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিণ্টু গগৈৰ সহিতে এটা সজাতি দল জাঠিপতিয়া, বৰবালিটোপ, মিঠাম চাপৰি আদি অঞ্চলত খোৱাপানী, মহ খেদা ধূপ, ডেটল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। যি সমূহ অঞ্চলত বৰ্তমানলৈকে প্ৰশাসনে কোনো ধৰণৰ সহায় কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পিণ্টু গগৈয়ে সাংবাদিকৰ আগত এই বানপানী প্ৰাকৃতিক নহয়। নিপকোৱে গোপনে গেট খুলি দিয়াৰ বাবেহে এই জল প্রলয় হৈছে বুলি অভিযোগ উত্থাপিত কৰে। আৰু সকলো কথা জানিও প্ৰশাসনে গোপনে ৰাখিছে বুলিও অভিযোগ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande