নাজিৰাৰ চৰকাৰী কাৰ্যালয়ত ১৫ দিন ধৰি নাই কাৰেণ্ট
নাজিৰাৰ চৰকাৰী কাৰ্যালয়ত ১৫ দিন ধৰি নাই কাৰেণ্ট ।
নাজিৰাৰ চৰকাৰী কাৰ্যালয়ত ১৫ দিন ধৰি নাই কাৰেণ্ট


শিৱসাগৰ, ১০ জুলাই (হি.স.): নাজিৰাৰ চৰকাৰী কাৰ্যালয়ত ১৫ দিন ধৰি নাই কাৰেণ্ট । ১৫০০ টকাৰ বাবেই নাজিৰাস্থিত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্তন কৰিল কাৰেণ্ট । ১৫ দিন ধৰি কাৰেণ্ট নাই কাৰ্যালয়ত । কাৰেন্ট নথকাৰ বাবেই কাৰ্যালয়ত ১৫ দিন ধৰি চলা নাই ফেন, কম্পিউটাৰ। প্ৰখৰ গৰমৰ মাজতে কাৰ্যালয়ত থাকিব লগা হৈছে বিষয়া- কৰ্মচাৰীসকল ।

এবছৰো অধিক কাৰ্যালয় গৃহৰ ভাৰা পৰিশোধ কৰা নাই । ৰাজ্যৰ শিক্ষা বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষলৈ লিখিত ভাৱে জনোৱাৰ পিছতো বাজেট দিয়া নাই চৰকাৰে । ১৯৯২ চনতে প্ৰতিষ্ঠা হোৱা নাজিৰা বিদ্যালয়সমূহৰ উপ - পৰিদৰ্শকৰ কাৰ্যালয়টোৰ গৃহ ভাৰা পৰিশোধ কৰিব নোৱাৰাত ডলাৰ বগৰীদৰে এঠাইৰ পৰা আন ঠাইলৈ ভাৰাতীয়াভাৱে চলাই গৈছে কাৰ্যালয়টো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande