নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ কিশোৰ জেনা, যশবীৰ সিঙৰ সুযোগ লাভ
এতিয়া ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব নীৰজ চোপ্ৰা ক্লাছিক বেংগালুৰু, ০১ জুলাই (হি.স.)। ভাৰতীয় জেভেলিন নিক্ষেপকাৰী কিশোৰ জেনা গোৰোহাৰ আঘাতৰ বাবে নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ হৈছে। যশবীৰ সিঙক এতিয়া তেওঁৰ ঠাইত প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈ
ভাৰতীয় জেভেলিন নিক্ষেপকাৰী কিশোৰ জেনা


এতিয়া ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব নীৰজ চোপ্ৰা ক্লাছিক

বেংগালুৰু, ০১ জুলাই (হি.স.)। ভাৰতীয় জেভেলিন নিক্ষেপকাৰী কিশোৰ জেনা গোৰোহাৰ আঘাতৰ বাবে নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ হৈছে। যশবীৰ সিঙক এতিয়া তেওঁৰ ঠাইত প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে। সোমবাৰে এই তথ্য প্ৰদান কৰে আয়োজকসকলে।

যোৱা বছৰ হাংঝু এছিয়ান গেমছত কেৰিয়াৰৰ শ্ৰেষ্ঠ ৮৭.৫৪ মিটাৰ নিক্ষেপ কৰি কিশোৰ জেনাই নীৰজ চোপ্ৰাৰ পিছতে দ্বিতীয় স্থান দখল কৰিছিল। প্ৰথম পাঁচগৰাকী ভাৰতীয় অংশগ্ৰহণকাৰীৰ ভিতৰত তেওঁ আছিল, ইয়াৰ লগতে শচীন যাদৱ, ৰোহিত যাদৱ আৰু সাহিল ছিলৱালো আছিল।

জেনাৰ অনুপস্থিতিত যশবীৰ সিঙক এতিয়া দলত স্থান দিয়া হৈছে। বৰ্তমান পুৰুষৰ জেভেলিন থ্ৰ’ ৰেংকিঙত যশবীৰে ৪১ নম্বৰ স্থানত আছে আৰু ২০২৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত (গুমি, কোৰিয়া) ব্যক্তিগত শ্ৰেষ্ঠ ৮২.৫৭ মিটাৰ দলিয়াইছিল।

নীৰজ চোপ্ৰা ক্লাছিকক ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় জেভেলিন নিক্ষেপ প্ৰতিযোগিতা হিচাপে প্ৰচাৰ কৰা হৈছে। নীৰজ চোপ্ৰা, জে এছ ডব্লিউ স্প’ৰ্টছ, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া (এ এফ আই) আৰু ৱৰ্ল্ড এথলেটিকছ (ডব্লিউ এ)ৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ই হ’ব ভাৰতত এতিয়ালৈকে অনুষ্ঠিত হোৱা সৰ্বোচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ইভেণ্ট।

নীৰজ চোপ্ৰাৰ লগতে বিশ্বৰ বহু শীৰ্ষ জেভেলিন থ্ৰ’ খেলুৱৈয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত আছে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ, দুবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ থমাছ ৰ’লাৰ আৰু ৰিঅ’ ২০১৬ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কেনিয়াৰ জুলিয়াছ য়েগো।

ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতা ২৪ মে’ত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও নিৰাপত্তাজনিত কাৰণত এতিয়া ইয়াৰ তাৰিখ ৫ জুলাইলৈ পিছুৱাই দিয়া হৈছে। এই খেলখন বেংগালুৰুৰ শ্ৰী কান্তেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande