- পুৰুষৰ নিলামত ১০ জনতকৈ অধিক আই পি এল খেলুৱৈক অন্তৰ্ভুক্ত কৰা হ’ব, অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ
নতুন দিল্লী, ০১ জুলাই (হি.স.)। দিল্লী আৰু জিলা ক্ৰিকেট সন্থা (ডিডিচিএ)ই মঙলবাৰে দিল্লী প্ৰিমিয়াৰ লীগ (ডি পি এল)ৰ দ্বিতীয় ছিজনৰ বাবে দুটা নতুন পুৰুষৰ দল ঘোষণা কৰে। এই সম্প্ৰসাৰণৰ লগে লগে এতিয়া ডি পি এলত পুৰুষৰ মুঠ দলৰ সংখ্যা ৬ৰ পৰা ৮লৈ বৃদ্ধি পাইছে, যাৰ ফলত ই দেশৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ঘৰুৱা টি-২০ লীগসমূহৰ ভিতৰত অন্যতম।
সবিতা পেইণ্টছ প্ৰাইভেট লিমিটেডৰ নেতৃত্বত ১০.৬ কোটি টকাত আউটাৰ দিল্লী ফ্ৰেঞ্চাইজি ক্ৰয় কৰাৰ বিপৰীতে নতুন দিল্লী ফ্ৰেঞ্চাইজি ভীমা টলিং এণ্ড ট্ৰেফিক ছলিউচন প্ৰাইভেট লিমিটেড আৰু ক্ৰেয়ন এডভাৰটাইজিং লিমিটেডৰ গ্ৰুপে ৯.২ কোটি টকাত ক্ৰয় কৰিছে।
এতিয়া এই দুটা দলে বৰ্তমানৰ ছটা ফ্ৰেঞ্চাইজি— চেণ্ট্ৰেল দিল্লী কিংছ, ইষ্ট দিল্লী ৰাইডাৰ্ছ, নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছ, অল্ড দিল্লী ৬, চাউথ দিল্লী ছুপাৰষ্টাৰজ আৰু ৱেষ্ট দিল্লী লায়ন্সৰ সৈতে যোগ দি ২০২৫ চনৰ সংস্কৰণত অংশগ্ৰহণ কৰিব।
৬ তাৰিখে পুৰুষৰ নিলাম আৰু ৭ জুলাইত মহিলাৰ নিলাম
অহা ৬ আৰু ৭ জুলাইত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব ছিজন ২ৰ খেলুৱৈ নিলাম। ৬ জুলাইত পুৰুষৰ খেলুৱৈ আৰু ৭ জুলাইত মহিলা খেলুৱৈ নিলাম হ’ব
ডি পি এলৰ নিলামৰ অংশ হ’ব আই পি এলৰ তাৰকাও
এইবাৰ ডি পি এলৰ নিলামত জড়িত হ’ব ১০ জনতকৈ অধিক আই পি এল খেলুৱৈ। ইয়াৰ ভিতৰত আছে কিছুমান ডাঙৰ নাম যেনে: ঋষভ পন্ত, ঈশান্ত শৰ্মা, আয়ুষ বদোনী, হৰ্ষিত ৰানা, সুয়াশ শৰ্মা, মায়ংক যাদৱ, অনুজ ৰাৱত, প্ৰিয়ংশ আৰিয়া, দিগবেশ ৰাথী আৰু হিম্মৎ সিং, যিয়ে এই লীগখনক অধিক ৰোমাঞ্চকৰ কৰি তুলিব।
ডিডিচিএৰ সভাপতি ৰোহন জেটলীয়ে কয় যে, দিল্লী প্ৰিমিয়াৰ লীগ কেৱল এখন প্ৰতিযোগিতা নহয় বৰঞ্চ দিল্লীৰ ক্ৰিকেট পৰম্পৰাৰ উদযাপন। প্ৰথম ছিজনত যি ধৰণৰ প্ৰতিভা দেখা গৈছিল সেয়া আছিল অতি উৎসাহজনক। ছিজন ২ৰ জৰিয়তে আমি আৰু অধিক খেলুৱৈক এক মঞ্চ দিবলৈ ওলাইছো। তেওঁ কয় যে প্ৰিয়ংশ আৰ্য্য আৰু দিগবেশ ৰাথীৰ দৰে খেলুৱৈ ডি পি এলৰ পৰা ওলাই আহি আই পি এল ২০২৫ত জিলিকি উঠিছিল, যিয়ে ডি পি এলৰ মূল্য প্ৰমাণ কৰে।
ৰাজধানী চহৰৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ডিপিএলৰ দ্বিতীয় ছিজন। সকলো খেলৰ তাৰিখ আৰু সম্পূৰ্ণ সময়সূচী খেলুৱৈসকলৰ নিলামৰ পিছত ঘোষণা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া