গুৱাহাটী/হায়দৰাবাদ, ০১ জুলাই (হি.স.)। হায়দৰাবাদত অনুষ্ঠিত মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ তাৰকা বক্সাৰ লভলিনা বৰগোহাঁয়ে সোণৰ পদক লাভ কৰে।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লভলিনা বৰগোহাঁয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। এই জয়ৰ জৰিয়তে লভলিনাই পুনৰবাৰ দেশৰ মহিলা বক্সিঙৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। এই সফলতাৰ বাবেই লভলিনাই সৰ্বসাধাৰণ ৰাইজৰ লগতে ক্ৰীড়া জগতৰ পৰা লাভ কৰিছে অভিনন্দনৰ জোৱাৰ।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া