এটিএফৰ মূল্য ৭.৫ শতাংশ বৃদ্ধি, নতুন হাৰ কাৰ্যকৰী
নতুন দিল্লী, ০১ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ খুচুৰা ইন্ধন বিক্ৰেতাসকলৰ তথ্য অনুসৰি তেল আৰু গেছ বিপণন কোম্পানীসমূহে তিনি ৰাউণ্ড হ্ৰাস কৰাৰ পিছত বিমান ইন্ধনৰ মূল্য ৭.৫ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত প্ৰতি কিলোলিটাৰত এটিএ
এটিএফ


নতুন দিল্লী, ০১ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ খুচুৰা ইন্ধন বিক্ৰেতাসকলৰ তথ্য অনুসৰি তেল আৰু গেছ বিপণন কোম্পানীসমূহে তিনি ৰাউণ্ড হ্ৰাস কৰাৰ পিছত বিমান ইন্ধনৰ মূল্য ৭.৫ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত প্ৰতি কিলোলিটাৰত এটিএফৰ মূল্য ৬,২৭১.৫ টকা অৰ্থাৎ ৭.৫ শতাংশ বৃদ্ধি পাই ৮৯,৩৪৪.০৫ টকা হৈছে। মঙলবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ। যোৱা মাহত ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগে লগে এই বৃদ্ধি হৈছে।

একেদৰে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত এ টি এফৰ মূল্য প্ৰতি কিলোলিটাৰত ৭৭,৬০২.৭৩ টকাৰ পৰা ৮৩,৫৪৯.২৩ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে চেন্নাই আৰু কলকাতাত ইয়াৰ মূল্য ক্ৰমে ৯২,৫২৬.০৯ টকা আৰু প্ৰতি কিলোলিটাৰ ৯২,৭০৫.৭৪ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ভেট (মূল্য সংযোজিত কৰ) অন্তৰ্ভুক্ত, যাৰ হাৰ স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে ভিন্ন হয়।

এটিএফৰ এই মূল্যবৃদ্ধি এপ্ৰিল মাহৰ পৰা তিনিমাহেকীয়া কিস্তিত কাৰ্যকৰী কৰা মুঠ হ্ৰাসৰ আধা। যোৱা ১ জুনত শেষবাৰৰ বাবে প্ৰতি কিলোলিটাৰ এটিএফৰ মূল্য ২,৪১৪.২৫ টকা (২.৮২%) হ্ৰাস কৰি প্ৰতি কিলোলিটাৰত ৮৩,০৭২.৫৫ টকা হয়। ইয়াৰ পূৰ্বে ১ মে’ত ইয়াৰ মূল্য ৪.৪% (প্ৰতি কিলোলিটাৰত ৩,৯৫৪.৩৮ টকা) হ্ৰাস পোৱাৰ বিপৰীতে ১ এপ্ৰিলত ৬.১৫% (প্ৰতি কিলোলিটাৰত ৫,৮৭০.৫৪ টকা) বৃহৎ হ্ৰাস কৰা হয়।

বিশেষজ্ঞসকলে কয় যে এটিএফৰ এই মূল্যবৃদ্ধিৰ কাৰণ হৈছে যোৱা মাহত ইজৰাইলৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পিছত আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্যবৃদ্ধি। এই বৃদ্ধিয়ে বাণিজ্যিক বিমান সংস্থাসমূহৰ ওপৰত বোজা বৃদ্ধি কৰিব, যাৰ বাবে ইন্ধনে তেওঁলোকৰ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০% ভাগ লয়। অৱশ্যে এই মূল্যবৃদ্ধিয়ে এ টি এফত কি প্ৰভাৱ পেলাব সেই সন্দৰ্ভত বিমান সংস্থাসমূহৰ পৰা কোনো ধৰণৰ তাৎক্ষণিক মন্তব্য লাভ কৰিব পৰা নগ’ল।

ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আই অ’ চি), ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (এইচ পি চি এল)-এ আন্তঃৰাষ্ট্ৰীয় বেঞ্চমাৰ্ক ইন্ধনৰ গড় মূল্য আৰু বিদেশী বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহৰ প্ৰথম দিনাই এ টি এফ আৰু এল পি জিৰ মূল্য সংশোধন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande