নতুন দিল্লী, ০১ জুলাই (হি.স.)। তেল বিপণন কোম্পানী (ওএমচি) সমূহে আজি ১৯ কেজি বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ দৰ হ্ৰাস কৰে। কিন্তু ঘৰুৱা কামত ব্যৱহাৰ কৰা ১৪.২ কেজি গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰতি মাহৰ আৰম্ভণিতে পুনৰীক্ষণ কৰি গেছৰ মূল্য নিৰ্ণয় কৰাৰ পিছত আজি প্ৰতি চিলিণ্ডাৰত ব্যৱসায়িক গেছৰ মূল্য ৫৮.৫০ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে। তেল বিপণন কোম্পানীসমূহে একেৰাহে চতুৰ্থ মাহৰ বাবে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে।
মূল্য কৰ্তনৰ পিছত এতিয়া দিল্লীত ১৯ কেজিৰ গেছ চিলিণ্ডাৰৰ বাবে ১৬৬৫ টকা দিব লাগিব, আনহাতে জুন মাহত ইয়াৰ মূল্য আছিল ১৭২৩.৫০ টকা। মে’ মাহত এই চিলিণ্ডাৰৰ বাবে ১৭৪৭.৫০ টকা, এপ্ৰিল মাহত ১৭৬২ টকা আৰু তাৰ আগৰ মাৰ্চ মাহত ১৮০৩ টকা দিব লগা হৈছিল। এইদৰে মাৰ্চ মাহৰ পিছত ১৯ কেজি এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৩৮ টকা হ্ৰাস কৰা হৈছে।
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ পিছত এতিয়া কলকাতাত ইয়াৰ মূল্য ১৮২৬ টকাৰ পৰা ১৭৬৯ টকালৈ হ্ৰাস পাইছে। একেদৰে মুম্বাইতো আজিৰ পৰা এই চিলিণ্ডাৰ ১৬৭৪.৫০ টকাৰ পৰিৱৰ্তে ১৬১৬ টকাত উপলব্ধ। চেন্নাইত ১৯ কেজি গেছ চিলিণ্ডাৰৰ মূল্য ১৮৮১ টকাৰ পৰা ১৮২৩.৫০ টকালৈ হ্ৰাস পাইছে। গুৱাহাটীত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৯১৬ টকাৰ পৰা ১৮৬০.০০ টকালৈ হ্ৰাস পাইছে।
মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ পৰা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে এপ্ৰিল, মে’ আৰু জুন মাহতো ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল। চলিত বিত্তীয় বৰ্ষত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এপ্ৰিল মাহত প্ৰতি চিলিণ্ডাৰত ৪১ টকা, মে’ মাহত প্ৰতি চিলিণ্ডাৰ ১৪.৫০ টকা আৰু জুন মাহত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ২৪ টকা হ্ৰাস কৰা হৈছে। কিন্তু এপ্ৰিলৰ পূৰ্বে মাৰ্চ মাহত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৬টকা বৃদ্ধি কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া