মোডী চৰকাৰ ভাৰতক নক্সালবাদৰ মহামাৰীৰ পৰা মুক্ত কৰিবলৈ বদ্ধপৰিকৰ: অমিত শ্বাহ
নতুন দিল্লী, ০৭ জুন (হি.স.)। শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত শেহতীয়াকৈ নক্সাল বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিষয়াসকলক সাক্ষাৎ কৰি এই অভিযানসমূহৰ সফলতাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে মোডী চৰকাৰে ভাৰতক নক্সালব
মোডী চৰকাৰ ভাৰতক নক্সালবাদৰ মহামাৰীৰ পৰা মুক্ত কৰিবলৈ বদ্ধপৰিকৰ: অমিত শ্বাহ


নতুন দিল্লী, ০৭ জুন (হি.স.)। শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত শেহতীয়াকৈ নক্সাল বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিষয়াসকলক সাক্ষাৎ কৰি এই অভিযানসমূহৰ সফলতাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে মোডী চৰকাৰে ভাৰতক নক্সালবাদৰ মহামাৰীৰ পৰা মুক্ত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এক্সত এক পোষ্টযোগে কয়, নক্সালবাদৰ বিৰুদ্ধে শেহতীয়াকৈ সংঘটিত অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিষয়াসকলক সাক্ষাৎ কৰি এই অভিযানসমূহৰ ঐতিহাসিক সফলতাৰ বাবে অভিনন্দন জনালোঁ। লগতে এই অভিযানসমূহ নিজৰ সাহসেৰে সফল কৰি তোলা জোৱানসকলক লগ পাবলৈ আগ্ৰহী আৰু অতি সোনকালে ছত্তীশগড়লৈ আহি তেওঁলোকক লগ পাম। মোডী চৰকাৰে ভাৰতক নক্সালবাদৰ বিপদৰ পৰা মুক্ত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযান চলাই আছে। ইয়াৰ অধীনত ১৮ মে’ৰ পৰা ২১ মে’লৈ আবুঝমাদৰ অভ্যন্তৰীণ অঞ্চলত চত্তীশগড় আৰক্ষীয়ে (নাৰায়ণপুৰ, দন্তৱাড়া, কোণ্ডাগাঁও আৰু বিজাপুৰ জিলাৰ ডি আৰ জি ইউনিটকে ধৰি) এক অভিযান চলাইছিল। ২১ মে’ত বোটেৰ গাঁৱৰ অৰণ্যত হোৱা এনকাউণ্টাৰত চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক তথা পলিটব্যুৰোৰ সদস্য বাসৱৰাজ ওৰফে গগন্নাকে ধৰি ২৭ জন নক্সালবাদী ধৰাশায়ী হৈছিল। লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়।

এই অভিযানত জড়িত বিষয়াসকলৰ ভিতৰত ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এন্টি-নক্সেল অপাৰেচন/এছ আই বি/এছ টি এফ) বিবেকানন্দ, আৰক্ষী মহাপৰিদৰ্শক (বস্তৰ ৰেঞ্জ) সুন্দৰৰাজ, আৰক্ষী অধীক্ষক (নাৰায়ণপুৰ) প্ৰভাত কুমাৰ, আৰক্ষী অধীক্ষক (বিজাপুৰ) জিতেন্দ্ৰ যাদৱ আৰু আৰক্ষী অধীক্ষক (নক্সাল মুক্তি বাষ্টাৰ জিলা) শলাভ সিঙক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সম্বৰ্ধনা জনায়।

এই অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাই, উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকাকে ধৰি বহু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande