বিস্ফোৰণত নিহত পাকিস্তানৰ প্ৰাক্তন চিনেটৰ আব্বাছ আফ্ৰিদি
ইছলামাবাদ, ০৭ জুন (হি.স.)। পাকিস্তানৰ প্ৰাক্তন চিনেটৰ আব্বাছ আফ্ৰিদিৰ আজি চিএমএইচ খাৰিয়ান বাৰ্ন চেণ্টাৰত মৃত্যু হয়। শুকুৰবাৰে কোহাটৰ আজম বাগত গেছ নিৰ্গত হোৱা বিস্ফোৰণত তেওঁ আহত হয়। আৰক্ষীয়ে তেওঁক বাৰ্ন চেণ্টাৰত ভৰ্তি কৰে। দ্য নেচন কাকতৰ খবৰ অনুস
पाकिस्तान के पूर्व सीनेटर अब्बास अफरीदी ने अस्पताल में दम तोड़ा। फोटो-फाइल


ইছলামাবাদ, ০৭ জুন (হি.স.)। পাকিস্তানৰ প্ৰাক্তন চিনেটৰ আব্বাছ আফ্ৰিদিৰ আজি চিএমএইচ খাৰিয়ান বাৰ্ন চেণ্টাৰত মৃত্যু হয়। শুকুৰবাৰে কোহাটৰ আজম বাগত গেছ নিৰ্গত হোৱা বিস্ফোৰণত তেওঁ আহত হয়। আৰক্ষীয়ে তেওঁক বাৰ্ন চেণ্টাৰত ভৰ্তি কৰে।

দ্য নেচন কাকতৰ খবৰ অনুসৰি প্ৰয়াত আব্বাছ আফ্ৰিদিৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনা কোহাটৰ বাবৰি বাণ্ডাত কৰা হ’ব। ২০০৯ চনৰ মাৰ্চ মাহত পাকিস্তানৰ চেনেটলৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা আফ্ৰিদীয়ে ২০১৪ চনৰ ১৯ ​​মাৰ্চত বস্ত্ৰ উদ্যোগৰ ফেডাৰেল মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০১৮ চনত তেওঁ এন এ-৩২ কোহাটৰ পৰা পাকিস্তান মুছলিম লীগ নৱাজ (পিএমএল-এন)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। অৱশ্যে তেওঁ নিৰ্বাচনত পৰাস্ত হয়।

তেওঁ ৪৪,১৫৪টা ভোট লাভ কৰি পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ প্ৰাৰ্থী শ্বাহৰিয়াৰ আফ্ৰিদিৰ হাতত পৰাস্ত হয়। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত এন এ-৩৫ কোহাটৰ পৰা পি এম এল (এন) প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নিৰ্বাচনতো তেওঁ পৰাস্ত হৈছিল। দেশৰ ৰাজনীতিবিদসকলে প্ৰাক্তন চিনেটৰ আব্বাছ আফ্ৰিদিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande