ঢাকা, ০৭ জুন (হি.স.)। বাংলাদেশৰ লালমণিৰহাট সদৰ মহকুমাৰ বুদ্রাতাল অঞ্চলত আজি পুৱা ৰাজধানী ঢাকালৈ যোৱা এখন বাছ খাৱৈত পৰি আহত হয় ৫৫ জন লোক। ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আঠজন লোকক ৰংপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি আৰক্ষী আৰু স্থানীয় সূত্ৰই জনোৱা মতে, মহেন্দ্ৰনগৰ-মষ্টোফি পথত পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলৰ ভিতৰত ৮ জনৰ অৱস্থা সংকটজনক আৰু তেওঁক ৰংপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বাকীকেইজনক লালমণিৰহাট সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত বহু লোকক ঘৰলৈ যাবলৈ দিয়া হৈছিল।
লালমণিৰহাট সদৰ চিকিৎসালয়ৰ আৱাসী চিকিৎসা বিষয়া ডাঃ সমীৰা হুছেইন চৌধুৰীয়ে নিশ্চিত কৰিছে যে ২৫ জন আহত যাত্ৰী এতিয়াও চিকিৎসাধীন হৈ আছে, কিন্তু তেওঁলোক বিপদৰ পৰা আঁতৰি আছে। আহতসকলৰ ভিতৰত এজন সোহানুৰ ইছলামে জনোৱা মতে, বাছখন তীব্ৰ বেগেৰে গৈ থকাত হঠাতে এটা পাকত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। বহু মহিলা আৰু শিশু গুৰুতৰভাৱে আহত হৈছে। লালমণিৰহাট সদৰ থানাৰ বিষয়া বাদল কুমাৰ মণ্ডলে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে চালকজনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া