ৱাশ্বিংটন, ০৭ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰাক্তন মিত্ৰ তথা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে হোৱাইট হাউছৰ প্ৰতি থকা মোহ এৰিব পৰা নাই। তেওঁ নিজৰ নতুন ৰাজনৈতিক দল ঘোষণা কৰিব পাৰে। বৰ্তমান দুয়োৰে সম্পৰ্ক ইমানেই তিক্ত হৈ পৰিছে যে ইজনে সিজনক সহ্য কৰিব পৰা নাই।
চিবিএছ নিউজৰ মতে, ট্ৰাম্পৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত বৃহস্পতিবাৰে দেশৰ সন্মুখত নিজৰ নতুন দল গঠনৰ ধাৰণা আগবঢ়াইছিল ইলন মাস্কে। ট্ৰাম্পৰ চোকা কটুক্তিৰ মাজতে মাস্কে তেওঁৰ ২২ কোটি অনুগামীৰ মতামত জানিবলৈ এটা সমীক্ষা পোষ্ট কৰে। ইয়াত তেওঁ লিখিছে যে আমেৰিকাত নতুন ৰাজনৈতিক দল গঠনৰ সময় আহি পৰিছে নেকি? শুকুৰবাৰে মাস্কে কয় যে এই সমীক্ষাত ৮০ শতাংশ অনুগামীয়ে তেওঁৰ ধাৰণাক সমৰ্থন কৰে। মাস্কে সন্ধিয়া লিখিছিল যে এয়াই তেওঁৰ ভাগ্য।
ইয়াৰ পিছত মাস্কে এজন অনুৰাগীৰ পৰামৰ্শক সমৰ্থন কৰিছিল যে ইয়াৰ নাম আমেৰিকা পাৰ্টি। কিন্তু ৰিপাব্লিকান পাৰ্টিৰ পৰা পৃথক হোৱাৰ ক্ষেত্ৰত মাস্ক কিমান গুৰুত্বপূৰ্ণ সেয়া স্পষ্ট নহয়। ইয়াৰ পিছতো তেওঁ ট্ৰাম্পৰ প্ৰভাৱক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া