ৱাশ্বিংটন, ০৭ জুন (হি.স.)। অৱশেষত দীৰ্ঘদিনীয়া আইনী যুদ্ধৰ অন্তত এল ছালভাডৰৰ পৰা আমেৰিকালৈ উভতি আহিছে আব্ৰেগো গাৰ্চিয়া। ট্ৰাম্প প্ৰশাসনে দুমাহ পূৰ্বে স্বীকাৰ কৰিছিল যে আব্ৰেগো গাৰ্চিয়াক ভুলকৈ মেৰিলেণ্ডৰ পৰা তেওঁৰ জন্মভূমি এল ছালভাডৰলৈ বিতাড়িত কৰা হৈছিল। ইফালে, ফেডাৰেল গ্ৰেণ্ড জুৰীয়ে গাৰ্চিয়াক অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাত প্ৰৱেশ কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে।
এবিচি নিউজৰ মতে, যোৱা মাহত টেনেচিৰ ফেডাৰেল আদালতত ছীল কৰা অভিযোগ দাখিল কৰা হৈছিল। এয়া শুকুৰবাৰে মুকলি কৰা হয়। এইবোৰত ২৯ বছৰীয়া আব্ৰেগো গাৰ্চিয়াৰ বিৰুদ্ধে টেক্সাছৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ ভিতৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে সন্ধিয়া এল ছালভাডৰৰ পৰা আনি গাৰ্চিয়াক টেনেচিৰ মধ্য জিলাৰ আদালতত হাজিৰ কৰোৱা হয়। আমেৰিকাৰ ন্যায়াধীশ বাৰ্বাৰা হোমছে তেওঁক সুধিলে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বুজি পাইছেনে? তেওঁ স্পেনিছ ভাষাত ক'লে - হয়। ন্যায়াধীশে ১৩ জুনত পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছে।এই আদালতত আব্ৰেগো গাৰ্চিয়াৰ বিচাৰ হ’ব। পৰৱৰ্তী শুনানিলৈকে টেনেচিৰ ফেডাৰেল জিম্মাত থাকিব গাৰ্চিয়া।
আব্ৰেগো গাৰ্চিয়াৰ অধিবক্তা চাইমন চেণ্ডোভাল-মোশ্বেনবাৰ্গে অনলাইন প্ৰেছ ব্রিফিঙত তেওঁৰ ক্লায়েণ্টৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰে। তেওঁ কয় যে প্ৰশাসনে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। মন কৰিবলগীয়া যে গাৰ্চিয়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তৰ বাবে টেনেচিৰ উচ্চ পদস্থ ফেডাৰেল প্ৰচিকিউটৰ বেন শ্ৰেডাৰে হঠাতে পদত্যাগ কৰিবলগীয়া হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া