ৰাজতন্ত্ৰ সমৰ্থকৰ কাঠমাণ্ডুকেন্দ্ৰিক বিক্ষোভ আজি সমাপ্ত, জিলাকেন্দ্ৰিক বিক্ষোভৰ কৌশল
কাঠমাণ্ডু, ০৫ জুন (হি.স.)। দেশত ৰাজতন্ত্ৰ প্ৰত্যাৱৰ্তনৰ বাবে চলি থকা কাঠমাণ্ডুকেন্দ্ৰিক বিক্ষোভ আজিৰে পৰা সমাপ্ত হোৱাৰ কথা ঘোষণা কৰাৰ লগতে ভৱিষ্যতে জিলা আৰু নগৰকেন্দ্ৰিক বিক্ষোভ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। বুধবাৰে ৰাজতন্ত্ৰ ঘূৰাই অনাৰ বাবে যৌথ
संयुक्त समिति की बैठक


কাঠমাণ্ডু, ০৫ জুন (হি.স.)। দেশত ৰাজতন্ত্ৰ প্ৰত্যাৱৰ্তনৰ বাবে চলি থকা কাঠমাণ্ডুকেন্দ্ৰিক বিক্ষোভ আজিৰে পৰা সমাপ্ত হোৱাৰ কথা ঘোষণা কৰাৰ লগতে ভৱিষ্যতে জিলা আৰু নগৰকেন্দ্ৰিক বিক্ষোভ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

বুধবাৰে ৰাজতন্ত্ৰ ঘূৰাই অনাৰ বাবে যৌথভাৱে আন্দোলন কৰা সকলো ৰাজনৈতিক দল-সংগঠনৰ বৈঠকৰ অন্তত কাঠমাণ্ডুকেন্দ্ৰিক বিক্ষোভ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই আন্দোলনৰ নেতৃত্ব দিয়া নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি ৰাজেন্দ্ৰ লিংডেনৰ অনুপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্ৰথম পৰ্যায়ৰ আন্দোলনৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হয়।

যুটীয়া জন আন্দোলন সংগ্ৰাম সমিতিৰ হৈ বুধবাৰে গভীৰ নিশা ইয়াৰ আহ্বায়ক নৱৰাজ সুবেদীয়ে এক বিবৃতি প্ৰকাশ কৰি অনাগত দিনত জিলা আৰু চহৰকেন্দ্ৰিক বিক্ষোভৰ বিষয়ে অৱগত কৰে। তেওঁ নেপালী সেনা, নেপাল আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱানসকলক এই বিক্ষোভসমূহত যিমান পাৰি ভাগ ল’বলৈ আহ্বান জনাইছে।

কোৱা হৈছে যে ৰাজতন্ত্ৰৰ দাবীৰ আন্দোলনত যৌথভাৱে ওলাই অহা ৰাজনৈতিক দল-সংগঠনৰ মাজত মতানৈক্যৰ বাবে কাঠমাণ্ডুকেন্দ্ৰিক বিক্ষোভ স্থগিত ৰখা হৈছে আৰু আন্দোলনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰা বুলি কোৱা হৈছে। এই বৈঠকত ৰাজেন্দ্ৰ লিংডেনৰ অনুপস্থিতিয়ে তেওঁলোকৰ মাজত চলি থকা বিবাদৰ খবৰ আৰু অধিক শক্তিশালী কৰি তুলিছে। বৈঠকৰ সময়ত আনজন জ্য়েষ্ঠ নেতা কমল থাপাই ভাষণ দিওঁতে যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande