- প্ৰাক্তন প্ৰধানমন্ত্ৰীকে ধৰি চাৰিজন মন্ত্ৰীৰ বিৰুদ্ধে আদালতত দাখিল অভিযোগনামা
কাঠমাণ্ডু, ০৫ জুন (হি.স.)। পতঞ্জলি যোগপীঠৰ নামত সংঘটিত হোৱা ভূমি কেলেংকাৰীত নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপালৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। আজি কাঠমাণ্ডুৰ বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত প্ৰাক্তন প্ৰধানমন্ত্ৰীকে ধৰি চাৰিজন মন্ত্ৰীৰ নাম উল্লেখ কৰিছে দুৰ্নীতি নিবাৰক ব্যুৰ’ই। ইয়াৰ লগে লগে মাধৱ কুমাৰ নেপালৰ সংসদ সদস্যপদ স্থগিত ৰখা হৈছে।
নেপাল চৰকাৰে স্বামী ৰামদেৱৰ পতঞ্জলি যোগপীঠক অতি কম মূল্যত চৰকাৰী ভূমি দি আয়ুৰ্বেদ বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। কিছু বছৰৰ পাছত পতঞ্জলি ট্ৰাষ্ট নেপালে সেই মাটি ক্ৰয় কৰিবলৈ চৰকাৰৰ পৰা অনুমতি লৈছিল। সেই সময়ছোৱাত মাধৱ কুমাৰ নেপাল দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁৰ মন্ত্ৰীসভাই এই দুয়োটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই গোচৰত নেপালৰ দুৰ্নীতি বিৰোধী ব্যুৰোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপালক জেৰা কৰিছিল। এই ভূমি কেলেংকাৰীত সোধা-পোছাৰ বাবে স্বামী ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণলৈও দুৰ্নীতি নিবাৰক ব্যুৰোৱে চমন প্ৰেৰণ কৰিছিল যদিও পতঞ্জলি ট্ৰাষ্ট নেপালৰ মুৰব্বী শলিগ্ৰাম সিঙে তেওঁলোকৰ হৈ উত্তৰ দাখিল কৰিছিল।
দুৰ্নীতি বিৰোধী ব্যুৰোৰ মুখপাত্ৰ ৰাজেন্দ্ৰ পৌডেলে কয় যে ৰামদেৱ আৰু বালকৃষ্ণক পৰিচালনা সমিতিত থকাৰ বাবেই মাতি অনা হৈছিল যদিও এপ্ৰিল মাহৰ শেষ সপ্তাহত তেওঁলোকৰ উত্তৰ আহিছিল যে নেপালৰ সকলো ক্ৰয়-বিক্ৰয়ৰ বাবে স্থানীয় প্ৰতিনিধি শলিগ্ৰাম সিং দায়বদ্ধ, গতিকে আইনগতভাৱে তেওঁক জেৰা কৰা উচিত। ব্যুৰোৱে আজি এক বিবৃতিত কয় যে চৰকাৰী মাটি বেছি মূল্যত বিক্ৰী কৰি ইয়াৰ পৰা আৰ্থিক সুবিধা লোৱাটো নিজৰ বাবেই দুৰ্নীতি, গতিকে এই গোচৰ ৰুজু কৰা হৈছে।
বিক্ৰম ২০০৯ চনতেই নেপাল চৰকাৰে কেবিনেটৰ জৰিয়তে সিদ্ধান্ত লৈ পতঞ্জলি যোগপীঠ নেপাল আৰু পতঞ্জলি ট্ৰাষ্ট নেপালক ভূমিৰ চিলিঙত ৰেহাই দি মাটি আবণ্টন দিছিল। পতঞ্জলি যোগপীঠ আৰু পতঞ্জলি ট্ৰাষ্টে আয়ুৰ্বেদৰ বাবে বানেপা জিলাৰ ৬১ বিঘা, ডাং জিলাৰ ৭৫ বিঘা, স্যাংজা জিলাৰ ২২ বিঘা, ১৮ বিঘা, চিতৱানৰ ১৫ বিঘা, জনকপুৰৰ ২৫ বিঘা, বাৰা আৰু পাৰ্ছা জিলাৰ ৫০ বিঘা আৰু কাঠমাণ্ডুৰ ১১ বিঘা নিজৰ নামত ক্ৰয় কৰে বিশ্ববিদ্যালয়, আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান, যোগ মহাবিদ্যালয়, চিকিৎসা উৎপাদন কেন্দ্ৰ আদি কামত। কেৱল এয়াই নহয়, এই মাটিসমূহ বেংকত বন্ধকত ৰাখি কোটি কোটি টকাৰ ঋণ লোৱা হৈছিল। বেছি মূল্যত মাটি বিক্ৰী কৰি বেংকৰ ঋণ পৰিশোধ কৰা হৈছিল আৰু লাভো অৰ্জন কৰা হৈছিল।
ইয়াৰ মাত্ৰ দুবছৰৰ পাছত পতঞ্জলি ট্ৰাষ্ট নেপালে বানেপাত অধিক মূল্যত উপলব্ধ ৬১ বিঘা মাটি বিক্ৰী কৰি মাটি ক্ৰয় কৰে। তেতিয়াৰ মাধৱ কুমাৰ নেপালৰ নেতৃত্বত চৰকাৰে এই ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিছিল যদিও নেপালৰ ভূমি ক্ৰয়-বিক্ৰয় আইন অনুসৰি আবণ্টিত চৰকাৰী ভূমি বিক্ৰী কৰিব নোৱাৰি। এই গোচৰত ব্যুৰোটোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপাল আৰু চাৰিজন প্ৰাক্তন মন্ত্ৰী প্ৰেম বাহাদুৰ সিং, মাধৱ ঘিমিৰে, ডাম্বৰ শ্ৰেষ্ঠ আৰু ছবিৰাজ পন্তকো অভিযুক্ত কৰি তুলিছে। ইয়াৰে দুগৰাকী প্ৰাক্তন মন্ত্ৰী মাধৱ ঘিমিৰে আৰু ডাম্বৰ শ্ৰেষ্ঠৰ মৃত্যু হৈছে। সেয়ে অভিযোগনামাত ঘিমিৰেৰ পত্নী আৰু শ্ৰেষ্ঠৰ পুত্ৰক সহ অভিযুক্ত কৰি তেওঁলোকৰ পৰা জৰিমনা আদায়ৰ দাবী উত্থাপন কৰা হৈছে।
চৰকাৰৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি ছেকচন অফিচাৰলৈকে প্রাক্তন প্রধানমন্ত্রীকে ধৰি চাৰিজন মন্ত্রীকে ধৰি মুঠ ৯৩জন লোকৰ বিৰুদ্ধে বিশেষ আদালতত গোচৰ চলোৱাৰ সিদ্ধান্ত লৈছে দুর্নীতি নিবাৰক ব্যুৰোৱে৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া