কাঠমাণ্ডু, ৩০ জুন (হি.স.)। ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ ১৫ সংখ্যক বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা ভাৰত আৰু নেপালৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰদ্বয় বৈঠকত মিলিত হয়। পেমেণ্ট ব্যৱস্থাত উদ্ভৱ হোৱা সমস্যাৰ উমৈহতীয়া সমাধান বিচাৰি উলিওৱাৰ ব্যৱস্থাৰ বিষয়ে নেপাল ৰাষ্ট্ৰ বেংকৰ গৱৰ্ণৰ বিশ্বনাথ পৌডেল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ মাজত আলোচনা হয়।
নেপাল ৰাষ্ট্ৰ বেংকৰ গৱৰ্ণৰ পৌডেলে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ মালহোত্ৰাৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত আভ্যন্তৰীণ পেমেণ্ট ব্যৱস্থাত দেখা পোৱা সমস্যাসমূহ সমাধানৰ বাবে এক উমৈহতীয়া সমাধানৰ বিষয়ে আলোচনা কৰা হৈছিল। বৈঠকৰ সময়ত নেপালত ভাৰতীয় কোম্পানীসমূহৰ ডিজিটেল পেমেণ্টৰ সময়ত কিছু কাৰিকৰী সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। একেদৰে ভাৰতত নেপালী কোম্পানীসমূহৰ ডিজিটেল পেমেণ্ট আৰম্ভ কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ সময়ত দুয়োপক্ষই অতি সোনকালে আৰম্ভ কৰিবলৈ সন্মত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া