জাপানৰ সাগৰীয় খাদ্য আমদানিৰ ওপৰত চীনে আংশিকভাৱে প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞা
নতুন দিল্লী, ৩০ জুন (হি.স.)। জাপানৰ ফুকছিমা পাৰমাণৱিক প্লাণ্টৰ পৰিশোধিত বর্জ্য পানী প্রশান্ত মহাসাগৰলৈ নিক্ষেপ কৰাৰ পাছত চীনে জাৰি কৰা নিষেধাজ্ঞা আংশিকভাৱে উঠাই লৈছে ৷ চীনৰ শুল্ক প্ৰশাসনে দেওবাৰে এক বিবৃতিত কয় যে ফুকচিমা অঞ্চলৰ সাগৰীয় খাদ্য সামগ্ৰী
জাপান– চীন


নতুন দিল্লী, ৩০ জুন (হি.স.)। জাপানৰ ফুকছিমা পাৰমাণৱিক প্লাণ্টৰ পৰিশোধিত বর্জ্য পানী প্রশান্ত মহাসাগৰলৈ নিক্ষেপ কৰাৰ পাছত চীনে জাৰি কৰা নিষেধাজ্ঞা আংশিকভাৱে উঠাই লৈছে ৷ চীনৰ শুল্ক প্ৰশাসনে দেওবাৰে এক বিবৃতিত কয় যে ফুকচিমা অঞ্চলৰ সাগৰীয় খাদ্য সামগ্ৰীৰ দীৰ্ঘম্যাদী নিৰীক্ষণৰ সময়ত নমুনাবোৰ ঠিকেই আছে। ইয়াৰ পিছত চীনে কিছু চৰ্ত সাপেক্ষে জাপানৰ পৰা সাগৰীয় খাদ্য আমদানি পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে জাপানৰ ৪৭খন প্ৰদেশৰ ভিতৰত মাত্ৰ ৩৭খন প্ৰদেশৰ ক্ষেত্ৰতহে এই অনুমতি প্ৰযোজ্য হ’ব, আনহাতে ফুক’ছিমা, টকিঅ’কে ধৰি ১০খন প্ৰদেশৰ পৰা আমদানি নিষিদ্ধকৰণ এতিয়াও চলি থাকিব।

জাপানে চীনৰ এই সিদ্ধান্তক ইতিবাচক বুলি অভিহিত কৰে। টকিঅ’ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মুখ্য কেবিনেট সচিব কাজুহিকো আওকিয়ে কয় যে জাপান চৰকাৰে এতিয়া চীনৰ পৰা বাকী ১০খন প্ৰদেশতো আমদানি কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ দাবী জনাব। জাপানৰ কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমীয়ে এই সিদ্ধান্তক এক মাইলৰ খুঁটি আখ্যা দি কয় যে ইয়াৰ দ্বাৰা জাপানৰ সাগৰীয় খাদ্য উদ্যোগক সকাহ পোৱা যাব।

মন কৰিবলগীয়া যে ২০১১ চনত ফুকচিমা পাৰমাণৱিক প্লাণ্টত ভূমিকম্প আৰু ছুনামীয়ে তিনিটা ৰিয়েক্টৰৰ ভয়াৱহ ক্ষতিসাধন কৰিছিল আৰু সেই অঞ্চলত বিকিৰণ বিয়পি পৰাৰ আশংকা সৃষ্টি হৈছিল। ইয়াৰ পিছত বছৰ বছৰ ধৰি উদ্যোগটো বন্ধ কৰি ৰখা হৈছিল। জাপানে পৰিশোধিত বর্জ্য পানী বিশেষ কৌশলেৰে ফিল্টাৰ কৰি ২০২৩ চনত পৰ্যায়ক্ৰমে সাগৰত এৰি দিবলৈ আৰম্ভ কৰে, যাৰ বাবে চীন আৰু ৰাছিয়াকে ধৰি বহু দেশে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জাপানীজ সাগৰীয় খাদ্য আমদানি নিষিদ্ধ কৰে।

চীনে এই পদক্ষেপক পৰিৱেশৰ প্ৰতি দায়িত্বহীন বুলি অভিহিত কৰিছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই জাপানৰ প্ৰক্ৰিয়াক সমৰ্থন কৰিছিল আৰু উদ্যোগ পৰিচালক টকিঅ’ ইলেক্ট্ৰিক পাৱাৰ কোম্পানীয়ে কয় যে ট্ৰিটিয়ামৰ বাহিৰে সকলো তেজস্ক্ৰীয় মৌল নিৰাপদ মাত্ৰালৈ ফিল্টাৰ কৰা হৈছে। এতিয়া জাপানে চীনৰ আমদানি পুনৰ ঘূৰাই অনাৰ সিদ্ধান্তক ইতিবাচক পৰিৱৰ্তন হিচাপে দেখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande