মণিপুৰৰ চুৰাচান্দপুৰত চাৰিজন লোকক গুলীয়াই হত্যা
চুৰাচান্দপুৰ, (মণিপুৰ), ৩০ জুন (হি.স.)। মণিপুৰত অজ্ঞাত দুৰ্বৃত্তই চাৰিজন লোকক গুলীয়াই হত্যা কৰে । সোমবাৰে বিয়লি জিলাখনৰ মংজাং গাঁৱৰ সমীপত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনাত এগৰাকী ৬০ বছৰীয়া মহিলাসহ চাৰিজন লোক নিহত হয়। স্থানীয় আৰক্ষীয়ে এই কথা নিশ্চ
মংজাং ঘটনা স্হান


চুৰাচান্দপুৰ, (মণিপুৰ), ৩০ জুন (হি.স.)। মণিপুৰত অজ্ঞাত দুৰ্বৃত্তই চাৰিজন লোকক গুলীয়াই হত্যা কৰে । সোমবাৰে বিয়লি জিলাখনৰ মংজাং গাঁৱৰ সমীপত অজ্ঞাত বন্দুকধাৰীয়ে গুলীচালনাত এগৰাকী ৬০ বছৰীয়া মহিলাসহ চাৰিজন লোক নিহত হয়। স্থানীয় আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

চুৰাচান্দপুৰ আৰক্ষীয়ে জনোৱা মতে, গাড়ীৰে গৈ থকা অৱস্থাত দুপৰীয়া প্ৰায় ২ বজাত দুৰ্বৃত্তই আক্ৰমণ কৰে। ঘটনাস্থলী মংজাং চুৰাচান্দপুৰ জিলা সদৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত্বত অৱস্থিত।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ততো দেখা গৈছে যে আক্ৰমণকাৰীয়ে অতি ওচৰৰ পৰাই ভুক্তভোগীক গুলীয়াই হত্যা কৰে। সেই স্থানৰ পৰা এক ডজনৰো অধিক খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে, যিয়ে স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰৰ ইংগিত দিয়ে।

এতিয়াও চিনাক্ত হোৱা নাই নিহত লোককেইজন। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠন বা গোটে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ঘটনাস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অতিৰিক্ত আৰক্ষী বাহিনীৰ লগতে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। অপৰাধীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande