আগৰতলা, ৩০ জুন (হি.স.)। কেইবা সপ্তাহ ধৰি উদ্বিগ্নতা আৰু অনিশ্চয়তাৰ অন্তত ত্ৰিপুৰাৰ জনসাধাৰণে সকাহৰ হুমুনিয়াহ কাঢ়িছে। সোমবাৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিষয়াসকলে নিশ্চিত কৰিছে যে ইন্ধন ভৰ্তি এখন ৰে’লৱেগন ত্ৰিপুৰাত উপস্থিত হৈছে, ইয়াৰ পৰা আগৰতলা-গুৱাহাটী ৰে’লপথ পুনৰ বাহাল হোৱাৰ ইংগিত পোৱা গৈছে।
দৰাচলতে ধাৰাবাহিক বৰষুণৰ বাবে লামডিং-বদৰপুৰ পাহাৰীয়া অংশৰ কেইবাটাও স্থানত ভূমিস্খলন হৈছিল, যাৰ বাবে জাটিংগা-লামপুৰ আৰু নিউ হাফলঙৰ মাজত ৰে’ল যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত ত্ৰিপুৰাত ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত বেয়াকৈ প্ৰভাৱ পৰিল।
ইতিমধ্যে ইন্ধনৰ সংকটৰ মাজতো খাদ্য শস্যৰ পৰ্যাপ্ত মজুত আছে বুলি কোৱা পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে এতিয়া কয় যে পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ পৰিছে। ইন্ধনৰ যোগান আৰম্ভ হৈছে আৰু খাদ্য শস্য ভৰ্তি ৱেগনসমূহো বাটত আছে। ৰাজ্যখন এতিয়া যিকোনো ধৰণৰ নাটনিৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয় যে এনএফআৰে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ২৯ জুনৰ পৰা আংশিক ৰে’ল সেৱা পুনৰুদ্ধাৰ কৰাৰ লগতে সোমবাৰৰ ভিতৰত সমগ্ৰ সেৱা স্বাভাৱিক হৈ পৰে। পুৱা ১০:২১ বজাত নিউ হাৰংগাজাওৰ পৰা প্ৰথমখন খালী সামগ্ৰীৰ ৰে’ল যাত্ৰাৰ লগে লগে স্বাভাৱিক জীৱনৰ আশা আৰু অধিক শক্তিশালী হৈ উঠে।
প্ৰশাসনৰ আত্মবিশ্বাস যে এতিয়া ৰে'লপথ পুনৰ আৰম্ভ হোৱাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো দ্ৰুতগতিত সুস্থিৰ হ'ব আৰু ৰাজ্যবাসীয়ে দীৰ্ঘদিনীয়া এই সমস্যাৰ পৰা সকাহ পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া