পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, নিৰাপত্তা অধিক শক্তিশালী
পাটনা, ০১ জুলাই (হি.স.)। পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি ইমেইল পোৱাৰ পিছতে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। এই সন্দৰ্ভত এয়াৰপৰ্ট থানাত গোচৰ ৰুজু কৰা হৈছে। ইমেইলটোত কোৱা হৈছে যে বিমানবন্দৰত বোমা স্থাপন কৰা হৈছে আৰু অতি সোনকালে বিস্ফোৰণ হ’ব।
পাটনা বিমানবন্দৰ


পাটনা, ০১ জুলাই (হি.স.)। পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি ইমেইল পোৱাৰ পিছতে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। এই সন্দৰ্ভত এয়াৰপৰ্ট থানাত গোচৰ ৰুজু কৰা হৈছে। ইমেইলটোত কোৱা হৈছে যে বিমানবন্দৰত বোমা স্থাপন কৰা হৈছে আৰু অতি সোনকালে বিস্ফোৰণ হ’ব। বিমানবন্দৰ প্ৰশাসন আৰু নিৰাপত্তা সংস্থাই তদন্ত আৰম্ভ কৰিছে।

বিমানবন্দৰৰ বিষয়াসকলে সমগ্ৰ কেম্পাছত পুংখানুপুংখ তালাচী চলাইছে। তদন্তৰ সময়ত কোনো সন্দেহজনক বা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই। যোৱা নিশা বিমানবন্দৰ আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ। বৰ্তমান আৰক্ষীয়ে ইমেইল প্ৰেৰণ কৰা ব্যক্তিজনৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে। ইয়াত কাৰিকৰী আৰু চাইবাৰ বিশেষজ্ঞৰ সহায় লোৱা হৈছে। আনহাতে, এই সময়ত পাটনা বিমানবন্দৰৰ প্ৰতিটো কোণত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান নিয়োজিত হৈ আছে। বিমানবন্দৰলৈ অহা-যোৱা কৰা লোকসকলকো নিৰীক্ষণ কৰা হৈছে।

এছ পি (চিটি) দীক্ষাই কয় যে এটা গোচৰ ৰুজু কৰি অৰ্থনৈতিক অপৰাধ ইউনিটৰ চাইবাৰ চেলক তদন্ত কৰিবলৈ কোৱা হৈছে। পাটনা আৰক্ষীয়েও নিজা পর্যায়ত তদন্ত চলাই আছে৷ মন কৰিবলগীয়া যে যোৱা বছৰৰ ১৮ জুনতো ই-মেইলৰ জৰিয়তে পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande