নতুন দিল্লী, ০১ জুলাই (হি.স.)। সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰোক্ষ কৰ ব্যৱস্থাটো এক ঐতিহাসিক সংস্কাৰ হিচাপে থিয় দিছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশক নতুন ৰূপ দিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “কম্প্লাইয়েন্সৰ বোজা হ্ৰাস কৰি ই বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ব্যৱসায় কৰাৰ সহজতা বহুখিনি উন্নত কৰিছে।”
এক্স পোষ্টত এখন ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, ৮ বছৰ ধৰি কাৰ্যকৰী হোৱা জি এছ টি। ই এক ঐতিহাসিক সংস্কাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশক নতুন ৰূপ দিছে। কম্প্লাইয়েন্সৰ বোজা হ্ৰাস কৰি ই বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ব্যৱসায় কৰাৰ সহজতা বহুখিনি উন্নত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে জি এছ টিয়েও অৰ্থনৈতিক বিকাশৰ বাবে এক শক্তিশালী ইঞ্জিন হিচাপে কাম কৰিছে। ইয়াৰ লগতে ভাৰতৰ বজাৰ একত্ৰিত কৰাৰ এই যাত্ৰাত ৰাজ্যসমূহক সমান অংশীদাৰ কৰি প্ৰকৃত সমবায় ফেডাৰেলিজমক প্ৰসাৰিত কৰিছে। বৰ্তমান জি এছ টিৰ গাঁথনিত ০৫%, ১২%, ১৮% আৰু ২৮% চাৰিটা মূল স্লেব আছে। এই হাৰ সমগ্ৰ দেশৰ বেছিভাগ সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য।
উল্লেখযোগ্য যে ২০১৭ চনৰ ১ জুলাইৰ পৰা দেশত জি এছ টি কাৰ্যকৰী হোৱাৰ ফলত দেশৰ কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত জি এছ টি সংগ্ৰহৰ অভিলেখ ২২.০৮ লাখ কোটি টকা, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৯.৪ শতাংশ বৃদ্ধি। জি এছ টিয়ে প্ৰায় ১৭টা স্থানীয় কৰ আৰু ১৩টা চেছ পাঁচটা স্তৰৰ গাঁথনিত অন্তৰ্ভুক্ত কৰি কৰ ব্যৱস্থাটো সৰল কৰি তুলিছে। ২০২৫ চনৰ এপ্ৰিল মাহত মাহেকীয়া জি এছ টি সংগ্ৰহ ২.৩৭ লাখ কোটি টকাৰ অভিলেখ সৃষ্টি কৰিছিল।
-----------------
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া