- মুম্বাইত আনুষ্ঠানিক ঘোষণা কৰিলে কিৰেন ৰিজিজুৱে
মুম্বাই, ০১ জুলাই (হি.স.) । বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰ চৱন মঙলবাৰে মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হয়। বিজেপি নেতা তথা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই আনুষ্ঠানিক ঘোষণা কৰে।
চৱনে বৰ্তমানৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱানকুলেৰ পৰা নেতৃত্ব গ্ৰহণ কৰিছে। এই উপলক্ষে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, বিদায়ী ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে, আশীষ শেলাৰ, বিনোদ তাওডেকে ধৰি বিজেপিৰ সকলো বিধায়ক আৰু বিষয়ববীয়া উপস্থিত থাকে।
যদিও, প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰ চৱনক বিনা প্ৰতিদ্বন্দ্বিতাত ৰাজ্যৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে, কিন্তু কিছুদিন পূৰ্বে তেওঁক বিজেপিৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছিল। মুম্বাইৰ ৱৰ্লি ড’মত আয়োজিত এক বৃহৎ কাৰ্যসূচীত মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰবীন্দ্ৰ চৱনক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।
সভাপতি নিৰ্বাচনৰ এই অনুষ্ঠানটোত ইমানেই অভিলেখ ভংগকাৰী ভিৰ দেখা গৈছিল যে বিজেপি কৰ্মীসকলে থিয় হৈ অনুষ্ঠানটো চাবলগীয়া হয়। মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ বাবে কেৱল ৰবীন্দ্ৰ চৱনেহে আবেদন দাখিল কৰিছিল। যিহেতু, আন কোনোৱে আবেদন দাখিল কৰা নাছিল, ৰবীন্দ্ৰ চৱন বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে।
আগন্তুক পৌৰসভা নিৰ্বাচনৰ পটভূমিত ৰবীন্দ্ৰ চৱনৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ডম্বিৱলী বিধানসভা সমষ্টিৰ পৰা ৪ বাৰকৈ নিৰ্বাচিত হৈছে ৰবীন্দ্ৰ চৱন। ৰবীন্দ্ৰ চৱন এজন প্ৰভাৱশালী নেতা আৰু তৃণমূল পৰ্যায়ৰ বিজেপি কৰ্মীৰ সৈতে তেওঁৰ জনসম্পৰ্ক সুদৃঢ়। বিজেপি যুৱ মৰ্চাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা ৰবীন্দ্ৰ চৱনে কল্যাণ-ডম্বীৱলী পৌৰ নিগমৰ কাউন্সিলাৰ, স্থায়ী সমিতিৰ অধ্যক্ষ, ৪ বাৰৰ বিধায়ক, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু মন্ত্ৰী হিচাপে বিভিন্ন দায়িত্ব পালন কৰি আহিছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি হোৱালৈকে তেওঁৰ যাত্ৰা উল্লেখযোগ্য। ৰবীন্দ্ৰ চৱনৰ নিৰ্বাচনে মহাৰাষ্ট্ৰত বিজেপিৰ সাংগঠনিক কাম-কাজত নতুন নেতৃত্ব প্ৰদান কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো পুনৰ সক্ৰিয় হ’ব বুলি আশা কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া