ইছলামাবাদ, ০৩ জুন (হি.স.)। পাকিস্তানৰ দুখন প্ৰদেশৰ দুখন থানাত বিগত ২৪ ঘন্টাত এক বৃহৎ আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণৰ বাহিৰেও এক এনকাউণ্টাৰত ৭ গৰাকী বেলুচ যোদ্ধা নিহত হয়। পাকিস্তানে বেলুচ যোদ্ধাক সন্ত্ৰাসবাদী আখ্যা দিছে। পাকিস্তানৰ পৰা স্বাধীনতা দাবী কৰিছে বেলুচিস্তানৰ জনসাধাৰণে। তাত দীৰ্ঘদিন ধৰি মানুহে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি আহিছে।
দুনিয়া নিউজ টিভি চেনেলৰ খবৰ অনুসৰি খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বাজাউৰ জিলা আৰু বান্নু জিলাৰ দুখন থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ বিফল হয়। খাইবাৰ পাখতুনখোৱাৰ আৰক্ষী মহাপৰিদৰ্শক জুলফিকাৰ হামিদে জনোৱা মতে, লয় মামুণ্ড (বাজাউৰ জিলা) আৰু মিৰিয়ান (বান্নু)ৰ আৰক্ষী থানাত গভীৰ নিশা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। আৰক্ষী বাহিনীয়ে সাহসেৰে আক্ৰমণকাৰীক মুখামুখি কৰি খেদি পঠিয়াইছিল। আৰক্ষী বাহিনীক প্ৰশংসা পত্ৰ আৰু বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে হামিদে।
ইয়াৰ উপৰিও বেলুচিস্তানত দুটা পৃথক অভিযানত নিৰাপত্তা বাহিনীয়ে ৭ জন বেলুচ যোদ্ধাক নিহত কৰে। মঙলবাৰে সেনাৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগ চমুকৈ আইএছপিআৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰে। বিবৃতিটোত কোৱা হৈছে যে মৃত্যু হোৱা সাতজনেই সন্ত্ৰাসবাদী। এই অভিযান ২ জুনত সংঘটিত হৈছিল।কুচ জিলাৰ মাচৰ সাধাৰণ অঞ্চলত চোৰাংচোৱা ভিত্তিক অভিযানৰ সময়ত পাঁচজন সন্ত্ৰাসবাদী নিহত হৈছিল। কালাট জিলাৰ মাৰ্গাণ্ডৰ সাধাৰণ এলেকাত দুজন সন্ত্ৰাসবাদী নিহত। পাকিস্তানৰ সেনাই জানিবলৈ দিয়া মতে নিহত হোৱা সাতটা সন্ত্ৰাসবাদীয়েই ‘ফিতনা আল হিন্দুস্তান’ৰ।
উল্লেখযোগ্য যে সন্ত্ৰাসবাদ সমৰ্থক পাকিস্তানে দীৰ্ঘদিন ধৰি বেলুচিস্তানৰ বিদ্ৰোহীসকলক ‘ফিতনা আল হিন্দুস্তান’ (হিন্দুস্তানৰ বিদ্ৰোহী আৰু এজেণ্ট) আখ্যা দি এই ৰাজনৈতিক সমস্যাটোক ধৰ্মীয় ৰং দিবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ উপৰিও টিটিপিক ‘ফিতনা আল খোৱাৰিজ’ (ধৰ্মীয় নিৰ্যাতন) বুলি অভিহিত কৰি ভাৰতক সমৰ্থন কৰে বুলি কৈ থাকে। সামৰিক বিষয়াসকলেও চৰকাৰৰ সৈতে একমত। আই এছ পি আৰৰ ডি জি লেফটেনেণ্ট জেনেৰেল আহমদ শ্বৰীফ চৌধুৰীয়ে কয় যে বেলুচিস্তানক কেতিয়াও পাকিস্তানৰ পৰা পৃথক হ’বলৈ দিয়া নহ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া