নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ প্ৰতিযোগিতা এতিয়া ৫ জুলাইত বেংগালুৰুত
নতুন দিল্লী, ০৩ জুন (হি.স.)। নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ প্ৰতিযোগিতা এতিয়া ৫ জুলাইত বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২৪ মে’ত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত আৰু দেশৰ প্ৰতি সংহতিবোধৰ বাবে এই
नीरज चोपड़ा


নতুন দিল্লী, ০৩ জুন (হি.স.)। নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ প্ৰতিযোগিতা এতিয়া ৫ জুলাইত বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২৪ মে’ত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত আৰু দেশৰ প্ৰতি সংহতিবোধৰ বাবে এই অনুষ্ঠান পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

মঙলবাৰে জে এছ ডব্লিউ স্প’ৰ্টছে জনোৱা মতে, নীৰজ চোপ্ৰা, জে এছ ডব্লিউ স্প’ৰ্টছ, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া (এ এফ আই) আৰু বিশ্ব এথলেটিকছ (ডব্লিউ এ)ৰ সহযোগত আয়োজন কৰা এইখন ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় জেভেলিন থ্ৰ’ প্ৰতিযোগিতা হ’ব। এইখন হ’ব ভাৰতৰ এতিয়ালৈকে হোৱা সৰ্বোচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নেতৃত্ব দিব অলিম্পিক চেম্পিয়ন তথা বৰ্তমানৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰা ক্লাছিক প্ৰতিযোগিতাৰ লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষ প্ৰতিভাক ভাৰতলৈ অনা আৰু দেশৰ নতুন খেলুৱৈক অনুপ্ৰাণিত কৰা। তেওঁলোকৰ লগতে জেভলিন নিক্ষেপ জগতৰ এই কিংবদন্তিসমূহে খেলপথাৰখন দখল কৰিব।

এণ্ডাৰছন পিটাৰ্ছ (গ্ৰেনাডা) – দুবাৰৰ বিশ্ব চেম্পিয়ন

থমাছ ৰোহলাৰ (জাৰ্মানী) – ৰিঅ’ ২০১৬ অলিম্পিক স্বৰ্ণ পদক বিজয়ী

জুলিয়াছ য়েগো (কেনিয়া) – ২০১৫ চনৰ বিশ্ব চেম্পিয়ন

কিশোৰ জেনা – এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী আৰু ভাৰতৰ উদীয়মান তাৰকা

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande