গ্ৰেটাৰ নয়ডা, ০৫ জুন (হি.স.)। গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা ইন্টাৰকন্টিনেণ্টেল লিজেণ্ড লীগৰ প্ৰথমখন ছেমি ফাইনেল মেচত ট্ৰেন্স টাইটানছে আমেৰিকান ষ্ট্ৰাইকাৰছৰ বিৰুদ্ধে ৭ ৰানত জয়লাভ কৰে। এই জয়ৰ জৰিয়তে ট্ৰেন্স টাইটানছে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে।
বুধবাৰে সন্ধিয়া অনুষ্ঠিত এই মেচখনত আমেৰিকান ষ্ট্ৰাইকাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতে বেটিং কৰিবলৈ অহা টাইটানছৰ খেলুৱৈসকলে আৰম্ভণিৰে পৰাই আধিপত্যশীল দেখা গৈছিল আৰু নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩৯ ৰানৰ পাহাৰৰ দৰে স্ক’ৰ কৰিছিল। টাইটানছৰ অধিনায়ক ঋষি ধাৱানে উজ্জ্বল খেল প্ৰদৰ্শন কৰি ৪০টা বলত দ্ৰুত ৯০ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ জেছি ৰাইডাৰে ৩১ ৰানৰ ইনিংছ খেলিছিল। শেষত সুমিত ভাৰ্মা (৪৪) আৰু নমন শৰ্মাই (৪৮) স্ক’ৰ ডাঙৰ কৰাত সহায় কৰে।
লক্ষ্য খেদিবলৈ অহা আমেৰিকান ষ্ট্ৰাইকাৰে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ২৩২ ৰানহে লাভ কৰিবলৈ সক্ষম হৈছিল। আমেৰিকান ষ্ট্ৰাইকাৰছৰ বেটছমেন শ্বোয়াইব খান (৪২), অয়ন খান (৩৮), প্ৰদীপ চাংৱান (৩৫), ঈশান মালহোত্ৰাই (৩৮) চুটি কিন্তু উপযোগী ইনিংছ খেলিছিল। অৱশ্যে এয়া যথেষ্ট নহ’ল আৰু দলটোৱে ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হ’ল।
খেলখনৰ সময়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মহিলা আৰু শিশু কল্য়াণ মন্ত্ৰী মানেকা গান্ধী, বলীউডৰ কণ্ঠশিল্পী অলতামাশ ফৰিদী আৰু ছাদাব ফৰিদী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া