লণ্ডন, ০৫ জুন (হি.স.)। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া ৰ’থেছে টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ বাবে ১৪ জনীয়া দল ঘোষণা কৰিছে। ২০ জুনৰ পৰা লিডছৰ হেডিংলি খেলপথাৰত অনুষ্ঠিত হ’ব এই খেলখন।
দলটোৰ কমাণ্ড পুনৰবাৰ অধিনায়ক বেন ষ্ট’কছৰ হাতত থাকিব। বিশেষ কথাটো হ’ল ছাৰেৰ অলৰাউণ্ডাৰ জেমী অভাৰটন টেষ্ট দললৈ ঘূৰি আহিছে। শেষবাৰৰ বাবে ২০২২ চনৰ জুন মাহত হেডিংলিত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ অভিষেক মেচ খেলিছিল।কিন্তু শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত তেওঁৰ আঙুলিত আঘাত পাইছিল আৰু বৰ্তমান তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে।
ব্ৰাইডন কাৰ্ছ, জেকব বেটল আৰু ক্ৰীছ ৱ’কেছেও দললৈ উভতি আহিছে। ডিচেম্বৰ মাহত নিউজিলেণ্ড ভ্ৰমণৰ টেষ্ট দলৰ অংশ আছিল তিনিওজন খেলুৱৈ। একে সময়তে জিম্বাবুৱেৰ বিৰুদ্ধে ট্ৰেণ্ট ব্ৰীজ টেষ্টৰ সময়ত হামষ্ট্ৰিঙৰ আঘাতৰ বাবে বেগী বলাৰ গাছ এটকিনছনক নিৰ্বাচনৰ পৰা বাহিৰ কৰা হৈছে।
ইংলেণ্ড আৰু ভাৰতৰ মাজত মুঠ পাঁচখন টেষ্ট মেচ অনুষ্ঠিত হ’ব আৰু তাৰ অন্তিমখন মেচ অহা ৪ আগষ্টত লণ্ডনৰ কিয়া অ’ভেলত অনুষ্ঠিত হ’ব।
ইংলেণ্ড টেষ্ট দল:
বেন ষ্ট'কছ (অধিনায়ক), শ্বোয়াইব বছিৰ, জেকব বেটল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, ছেম কুক, জেক ক্ৰ'লি, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেমী স্মিথ, জোছ টংগু আৰু ক্ৰীছ ৱ'কেছ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া